உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Guwahati Dumping Ground : দীপৰ বিলৰ কাষতেই বৰাগাঁৱত হ’ব গুৱাহাটীৰ ডাম্পিং গ্ৰাউণ্ড, সাজু GMC

    Guwahati Dumping Ground : দীপৰ বিলৰ কাষতেই বৰাগাঁৱত হ’ব গুৱাহাটীৰ ডাম্পিং গ্ৰাউণ্ড, সাজু GMC

    Guwahati Dumping Ground : গুৱাহাটী মহানগৰীত প্রতিদিনে ওলায় ৫০০ টন আৱর্জনা । এই প্ৰকল্পৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে গুৱাহাটী পৌৰ নিগমে (Gauhati Municipal Corporation)। 

    Guwahati Dumping Ground : গুৱাহাটী মহানগৰীত প্রতিদিনে ওলায় ৫০০ টন আৱর্জনা । এই প্ৰকল্পৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে গুৱাহাটী পৌৰ নিগমে (Gauhati Municipal Corporation)। 

    Guwahati Dumping Ground : গুৱাহাটী মহানগৰীত প্রতিদিনে ওলায় ৫০০ টন আৱর্জনা । এই প্ৰকল্পৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে গুৱাহাটী পৌৰ নিগমে (Gauhati Municipal Corporation)। 

    • Share this:
    বহুত জল্পনা-কল্পনাৰ অন্তত গুৱাহাটী (Guwahati) মহানগৰীৰ বৰাগাঁবত হ'ব বিকল্প জাৱৰ নিষ্কাশন প্রকল্প (Waste Treatment Project)। বৰাগাঁৱত স্থাপন হ’ব লগা জাবৰ নিষ্কাশন প্রকল্পৰ নিবিদা প্রক্রিয়া ইতিমধ্যে সমাপ্ত কৰিছে ৷ চৰকাৰৰ অনুমতি পালেই বৰাগাঁৱত আৱর্জনা নিষ্কাশন প্রকল্পৰ কাম আৰম্ভ কৰিব পৌৰ নিগমে (Gauhati Municipal Corporation) ৷

    গুৱাহাটী উচ্চ ন্যায়ালয় (Gauhati High Court) ত বৰাগাঁৱত স্থাপন হ’ব লগা আৱর্জনা নিষ্কাশন প্রকল্প সন্দর্ভত শপতনামা দাখিল কৰিছে পৌৰ নিগমে ৷ শুকুৰবাৰে ন্যায়াধীশ এন কে সিঙৰ আদালতত গুৱাহাটীৰ ডাম্পিং গ্রাউণ্ড (Dumping Ground) সন্দর্ভত শপতনামা দাখিল কৰি এই তথ্য প্রকাশ কৰিছে পৌৰ নিগম কর্তৃপক্ষই ৷

    উল্লেখ্য যে সেউজ ন্যায়াধিকৰণ (Green Tribunal)ৰ নির্দেশনা মানি দীপৰ বিল Deepor Bil)ৰ সমীপৰ পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড পৌৰ নিগমে চন্দ্রপুৰলৈ স্থানান্তৰিত কৰিছিল ৷ কিন্তু চন্দ্রপুৰবাসীৰ ধাৰাবাহিক প্রতিবাদত সেও মানি চন্দ্রপুৰৰ পৰিৱর্তে মহানগৰীৰ আন স্থানত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে পৌৰ নিগমে৷

    জি এম চি (GMC) কর্তৃপক্ষই মহানগৰীৰ আৱর্জনা পেলাবৰ বাবে সোণাইঘুলি, যোৰাবাট আৰু পশ্চিম বৰাগাঁৱত স্থান নির্ধাৰণ কৰিছিল ৷ বিশেষজ্ঞৰ প্রতিবেদনৰ ওপৰত ভিত্তি কৰি পৌৰ নিগম কর্তৃপক্ষই পশ্চিম বৰাগাঁৱত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰে৷ ৰামছাৰ ছাইট (Ramsar Site) ৰূপে খ্যাত দীপৰ বিলৰ সমীপত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্তৰ বিৰোধিতাৰে অঞ্চলটোৰ ৰাইজে প্রতিবাদ সাব্যস্ত কৰিছিল ৷ দীপৰ বিলৰ জৈৱ–বৈচিত্র্যৰ প্রতি ডাম্পিং গ্রাউণ্ডে কঢ়িয়াব পৰা ভাবুকিৰ প্রতি লক্ষ্য ৰাখিয়েই পৌৰ নিগমৰ সিদ্ধান্তক বিবেচনা কৰিবলৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আহ্বান জনাইছিল ৷ এই সন্দর্ভত পৌৰ নিগম কর্তৃপক্ষ আৰু অঞ্চলটোৰ দল–সংগঠনৰ প্রতিনিধিৰ সৈতে কেইবাবাৰো আলোচনাত মিলিত হৈছিল ৷ ইয়াৰ পাছতে পৌৰ নিগম কর্তৃপক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ত পশ্চিম বৰাগাঁৱত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বাবে নিবিদা প্রক্রিয়া সম্পূর্ণ কৰি চৰকাৰৰ সেউজ সংকেতলৈ অপেক্ষা কৰা বিষয়টোক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷

    লক্ষণীয় যে গুৱাহাটী মহানগৰীত প্রতিদিনে ৫০০ টন আৱর্জনা ওলায় ৷ মহানগৰীৰ এই আৱর্জনা অত্যাধুনিক পদ্ধতিৰে বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰাৰ বাবে পৌৰ নিগম কর্তৃপক্ষই এক প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে এই প্ৰকল্পৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নিগমে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: