নতুন পথটোৱে অম্বুবাচীৰ সময়ত হোৱা ভিৰ বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।
নতুন পথটোৱে অম্বুবাচীৰ সময়ত হোৱা ভিৰ বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।
দেশ-বিদেশৰ লাখ লাখ ভক্তৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে নীলাচল পাহাৰত মহানগৰীৰ মালিগাও- পাণ্ডুৰ পৰা শক্তিপীঠক সংযোগ কৰি নিৰ্মাণ কৰিছে এটি নতুন পথ।ইতিমধ্যে লোকনিৰ্মাণ বিভাগৰ উদ্যোগত যুদ্ধকালীন গতিত চলিছে পথ নিৰ্মাণৰ কাম ।
ৰাজ্য চৰকাৰে আবণ্টন দিয়া ১১৭ কোটি ৯২ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে পথটো। লাখ লাখ ভক্তক সকাহ দিয়াৰ উদ্দেশ্যে, ২০২০ চনৰ ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল এই পথ নিৰ্মাণৰ কাম।
দেশ বিদেশৰ ভক্তৰ সুবিধাৰ্থে পথৰ কাষে কাষে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ফুটপাথ ছেদ, ৩ টা আশ্ৰয় গৃহ আৰু ৩টা ভিউ পইণ্ট য'ৰ পৰা দৰ্শনাৰ্থীয়ে ব্ৰহ্মপুত্ৰৰ লগতে নীলাচলৰ নৈসৰ্গিক শোভা উপভোগ কৰিব পাৰিব। এই নতুন পথটোৱে অম্বুবাচীৰ সময়ত হোৱা ভিৰ বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।
উল্লেখ্য, ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিবেশৰ মাজেৰে গাড়ী অথবা খোজকাঢ়ি শক্তি পীঠলৈ আহিব পাৰিব দৰ্শনাৰ্থীসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এইটো নতুন পথ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|