মুখ্যপৃষ্ঠা » খবৰ

» অসম

»খানাপাৰাৰ ৩ বিঘা ভূমিত নিৰ্মাণ হ’ব নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়! ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

খানাপাৰাৰ ৩ বিঘা ভূমিত নিৰ্মাণ হ’ব নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়! ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:September 8, 2021, 11:48 AM IST
খানাপাৰাৰ ৩ বিঘা ভূমিত নিৰ্মাণ হ’ব নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়! ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অহা দুই–এমাহৰ ভিতৰত কাম আৰম্ভ কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰীগৰাকীৰ৷

অহা দুই–এমাহৰ ভিতৰত কাম আৰম্ভ কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰীগৰাকীৰ৷

  • News18 Assam
  • Last Updated: September 8, 2021, 11:48 AM IST
  • Share this:
ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য ৰাইজে উপভোগ কৰিবৰ বাবে সলনি হ’ব উপায়ুক্ত, আৰক্ষী আয়ুক্তৰ কাৰ্যালয়৷ দীৰ্ঘম্যাদী পদক্ষেপেৰে অত্যাধুনিকভাৱে নিৰ্মাণ হ’ব ভৱন৷ একপ্ৰকাৰ আইকনিক ভৱনৰূপে পৰিচিত কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে নতুনকৈ নিৰ্মাণ হ’বলগীয়া ভৱনৰ ভূমি পৰিদৰ্শন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ অহা দুই–এমাহৰ ভিতৰত কাম আৰম্ভ কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰীগৰাকীৰ৷

নিৰ্মাণ হ’বলগীয়া ভৱনক লৈ আৰক্ষী সঞ্চালকপ্ৰধানৰ মন্তব্য - ‘‘নতুনকৈ নিৰ্মাণ হ’বলগীয়া আৰক্ষী আয়ুক্তৰ কার্যালয়টো ৯মহলীয়া অট্টালিকা হ’ব৷ কটকটীয়া নিৰাপত্তা আৰু পাৰ্কিং থাকিব৷ ব্যৱস্থা থাকিব সকলো DCP একেলগে বহাৰ৷ ভৱনটোৰ ওপৰৰ অংশ হ’ব ৰংঘৰৰ আৰ্হিৰ৷ প্ৰায় ১০০ কোটিৰ টকা ব্যয় সাপেক্ষে নতুন আয়ুক্ত কাৰ্যালয়টো নিৰ্মাণ কৰাৰ লক্ষ্য৷ দুটা মাহৰ ভিতৰত আৰম্ভ হ’ব নিৰ্মাণকাৰ্য।’’
Published by: Sanjay Kumar Das
First published: September 8, 2021, 11:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি