• Home
  • »
  • News
  • »
  • assam
  • »
  • 'এই ৫ বছৰত আমি কাম নকৰিলে নহ'ব'- গুৱাহাটীৰ নৱনিৰ্মিত উৰনীয়া সেতু মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কৰিলে বহু গুৰুত্বপূৰ্ণ মন্তব্য

'এই ৫ বছৰত আমি কাম নকৰিলে নহ'ব'- গুৱাহাটীৰ নৱনিৰ্মিত উৰনীয়া সেতু মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কৰিলে বহু গুৰুত্বপূৰ্ণ মন্তব্য

গুৱাহাটী মহানগৰীৰ বাবে বহু আকৰ্ষণীয় আঁচনি। ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটী মহানগৰীৰ বাবে বহু আকৰ্ষণীয় আঁচনি। ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটী মহানগৰীৰ বাবে বহু আকৰ্ষণীয় আঁচনি। ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাবে মুকলি কৰে গুৱাহাটী মহানগৰীৰ ছুপাৰমাৰ্কেটত নিৰ্মাণ কৰা উৰণীয়া সেতু। নিৰ্ধাৰিত সময়ৰ আগতেই নিৰ্মাণকাৰ্য সমাপ্ত হোৱা উৰণীয়া সেতুখন মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'বিকাশৰ যাত্ৰাৰ বাবেই পাঁচটা সমষ্টিত আমি জয়ী হ'লো। আৰু এখন নতুন উৰণীয়া সেতু হ'ব আৰ জি বৰুৱা ৰোডত। ছয় লেন যুক্ত ৰিং ৰোড নিৰ্মাণ কৰা হ'ব। বাইহাটা হৈ কুৰুৱাৰে নাৰেঙ্গীলৈ আহিব পথটো। পলাশবাৰীলৈ নাৰেঙ্গীৰ পৰা চাৰি খন দলং হ'ব  ব্ৰহ্মপুত্ৰৰ ওপৰত। ব্ৰহ্মপুত্ৰ পাৰ সকলোৱে উপভোগ কৰিব পাৰিব।কাৰ্যালয়সমূহ স্থানান্তৰ কৰা হ'ব।'


ঘৰতে বহি লওক সকলো সুবিধাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অন্য প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'চৰকাৰী সেৱা ৰাইজে সোনকালে পাব।প্ৰায় কাম কম্পিউটাৰত কৰা হৈছে। নামজাৰী সমূহ ,এজামালি পত্ৰ হওক বা মাটি সকলো সেৱা কম্পিউটাৰৰ জৰিয়তে কৰা হ'ব। এক লাখ মানুহে বসুন্ধৰা আঁচনিত আবেদন কৰিছে। জনতা ভৱনত ২ লাখ ফাইল আছে, ২ হাজাৰ কৰ্মচাৰী আছে। মাহে মাহে ফাইল বাঢ়ি আছে।
১৮ নৱেম্বৰৰ পৰা আমি দালালৰ কাম কৰিম। টকা নোলোৱাকৈ আমি কৰিম। মাত্ৰ ফাইল নম্বৰ টো দি দিব।  ট্ৰেড লাইচেঞ্চ নিৰ্মাণ কৰিবলৈ ৩০ হাজাৰ টকা খৰচ কৰিব লাগিছিল। কিন্তু ক'ত হয় খৰছ নাজানে, কিন্তু এতিয়াৰ পৰা অহা মাহৰ পৰা কম্পিউটাৰৰ জৰিয়তে আবেদন কৰক,নিজে পাব,কতো যাব নালাগে। ১০ মে'ৰ পূৰ্বে জমা হোৱা সকলো ফাইল নোহোৱা কৰিম আমি। ১০ মে'ত আমাৰ এবছৰ হ'ব।'

কষ্ট বাঢ়িব মন্ত্ৰীসকলৰঃ মুখ্যমন্ত্ৰী

ভাষণৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,  'মন্ত্ৰী হৈ ভাল লাগে, আগতে মন্ত্ৰী হৈ ভাল লাগিছিল। এতিয়াৰ কামটো কষ্টকৰ হ'ব। মন্ত্ৰীৰ কাম কষ্টকৰ হ'লে বিধায়কৰ কামো কষ্টকৰ হ'ব।  উপ নিৰ্বাচনত দিয়া ভোট ভোট নহয়,বহু ভোটত জয়ী হৈছে আমাৰ প্ৰাৰ্থী ,এয়া ৰাইজৰ আমাক দিয়া  আশীৰ্বাদ। গোটেই বজাৰ বন্ধ হ'ব লাগিব। এই পাছ বছৰত আমি নকৰিলে নহ'ব।'
Published by:Himangshu Bhuyan
First published: