• Home
  • »
  • News
  • »
  • assam
  • »
  • Education Minister Ranoj Pegu : কোনো শিক্ষকৰ চাকৰি নাযায় নতুন শিক্ষানীতিৰ বাবে, দ্ৰুতগতিত শিক্ষা বিভাগত চলিছে নিযুক্তি প্ৰক্ৰিয়া

Education Minister Ranoj Pegu : কোনো শিক্ষকৰ চাকৰি নাযায় নতুন শিক্ষানীতিৰ বাবে, দ্ৰুতগতিত শিক্ষা বিভাগত চলিছে নিযুক্তি প্ৰক্ৰিয়া

Ranoj Pegu, Education Minister

Ranoj Pegu, Education Minister

Education Minister Ranoj Pegu : এটা সপ্তাহৰ ভিতৰত শিক্ষা বিভাগে নিযুক্তি দিব ১৫০ গৰাকী শিক্ষকক। 

  • Share this:
ৰাজ্য চৰকাৰৰ এক লাখ চাকৰিৰ অধিকাংশ নিযুক্তিৰ বিজ্ঞাপন ওলাব শিক্ষা বিভাগত। তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে। হায়াৰ চেকেণ্ডাৰীৰ পদসমূহৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছে। এটা বছৰৰ ভিতৰত সকলো পদ পূৰণ কৰা হ'ব।

ইফালে  কাহিলীপাৰাত শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰে সোমবাৰে বিশেষ বৈঠক অনুষ্ঠিত হয়। নতুন শিক্ষানীতি সম্পৰ্কত শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৱে কয়, 'অচিৰেই অসমত নতুন শিক্ষানীতি প্ৰযোজ্য হ'ব। এই নতুন শিক্ষানীতি অহাৰ ফলত কোনো শিক্ষকেই চাকৰি হেৰুৱাব লগা নহয়। নতুন শিক্ষানীতি প্ৰয়োগেৰে শিক্ষা ব্যৱস্থাত সংস্কাৰ আনিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ বাবে বিভিন্ন সংগঠনৰ লগত পৰ্যায়ক্ৰমে আলোচনা চলি আছে। বিদ্যালয় একত্ৰীকৰণ হ’লে কাৰোৰে চাকৰি নায়ায়, আৰু কোনো বিদ্যালয় বন্ধ হৈ নাযায় কেৱল মাত্ৰ একত্ৰীকৰণ কৰা হ’ব বুলি মন্তব্য কৰি আশ্বাস প্ৰদান কৰে শিক্ষামন্ত্ৰীয়ে।'

আনহাতে খালী হৈ থা পদ সন্দৰ্ভতো কয় যে ইতিমধ্যেই মহাবিদ্যালয় সমূহত ১ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে। অতি শীঘ্ৰে অন্য খালী হৈ থকা সকলো পদ পূৰণ হ'ব, ক’তো কোনো খালী পদ নাথাকে।

আনহাতে নামভৰ্তি সন্দৰ্ভত তেওঁ কয়, "APPLIED FOR হিচাপে নামভৰ্তি কৰিবলৈ দিয়া হৈছে বিদ্যালয় সমূহক। গতিকে কোনেও যাতে লুকাই-চুৰকৈ নাম ভৰ্তি কৰিব নোৱাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। "
Published by:Manjumoni Borah
First published: