খোৱাপানী সমস্যা, কৃত্ৰিম বান, খাদ্য–সামগ্ৰীৰ অত্যধিক মূল্য, চিটীবাছত অবৈধ ভাড়া সংগ্ৰহ আদি মহানগৰীৰ এশএবুৰি সমস্যাৰ সমাধানক লৈ কি ভাবে কামৰূপ মহানগৰ জিলাৰ নতুন জিলা উপায়ুক্ত ৰূপে নিযুক্ত পল্লৱ গোপাল ঝাই ৷
জিলাখনৰ উপায়ুক্তৰ দায়িত্ব গ্ৰহণৰ দুদিন পিছত সাংবাদিকৰ স'তে আলোচনাত বহে উপায়ুক্তগৰাকী৷ সাংবাদিকৰ সৈতে হোৱা বৈঠকত এনে প্ৰশ্নই কৰা হৈছিল। কিয়নো মহানগৰীৰ সমস্যাক লৈ উপাযুক্তৰ কাৰ্যালয়ত লিপিবদ্ধ হৈ আছে বহু কথা ৷
বৈঠকত উপায়ুক্তগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে যে সাধাৰণ নাগৰিক তথা আমোলাৰ দূৰত্ব দূৰ কৰা হ'ব ৷ যিকোনো সমস্যা সমাধানৰ বাবে নিজে উপস্থিত হ'ব জনসাধাৰণৰ ওচৰত৷ জিলাখনৰ সমস্যা সমূহ বুজি উঠিবৰ বাবে হয়তো আৰু কিছুদিন সময়ৰ প্ৰযোজন হ'ব বুলি উল্লেখ কৰে ঝাই। এসপ্তাহৰ পাছতে সকলো দিশ পৰ্যবেক্ষণ কৰি ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে তেওঁ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|