মুখ্যপৃষ্ঠা » খবৰ

» অসম

»New SOP : ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন SOP, গোলাঘাট আৰু লখিমপুৰত সম্পূৰ্ণ কণ্টেইনমেণ্ট।

New SOP : ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন SOP, গোলাঘাট আৰু লখিমপুৰত সম্পূৰ্ণ কণ্টেইনমেণ্ট।

News18 Assam | News18-Assam
Updated:July 27, 2021, 4:32 PM IST
New SOP : ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন SOP, গোলাঘাট আৰু লখিমপুৰত সম্পূৰ্ণ কণ্টেইনমেণ্ট।
শোণিতপুৰ, যোৰহাট আৰু বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাওঁ জিলাত দিনৰ ২ বজাৰ কাৰ্ফিউ।

শোণিতপুৰ, যোৰহাট আৰু বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাওঁ জিলাত দিনৰ ২ বজাৰ কাৰ্ফিউ।

  • Share this:
ৰাজ্যৰ ক’ভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি আজি নতুন SOP প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। চৰকাৰৰ নতুন SOP মতে গোলাঘাটত আৰু লখিমপুৰত অব্যাহত থাকিব সম্পূৰ্ণ কণ্টেইনমেণ্ট।

আনহাতে শোণিতপুৰ, যোৰহাট আৰু বিশ্বনাথ জিলাত কিছু শিথিল কৰা হৈছে সান্ধ্য আইন।  এই জিলাকেইখনত দিনৰ ২ বজাৰ কাৰ্ফিউ আৰম্ভ হ’ব।

আনহাতে গোৱালপাৰা আৰু মৰিগাওঁ জিলাতো দিনৰ ২ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ'ব। আৰু বাকী সকলো জিলাত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব।

এই SOP মতে ৰাজ্যত বন্ধ থাকিব আন্তঃ জিলা যাতায়াত। পৰিস্থিতি কিছু উন্নত হৈছে যদিও আক্ৰান্তৰ সংখ্যা উদ্বেগজনক হৈ থকাৰ বাবেই আন্তঃ জিলা যাতায়াত খুলি দিয়া নাই চৰকাৰে।

কাইলৈ সন্ধিয়া ৫ বজাৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব এই নতুন SOP। উল্লেখযোগ্য যে  পূৰ্বতকৈ কিছু উন্নত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি।
Published by: Manjumoni Borah
First published: July 27, 2021, 4:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি