உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ন্যায় পাবনে ঋতুপৰ্ণ পেগুৱে? হত্যাকাণ্ডৰ মূল অভিযুক্ত হুছেইন আলী সহ ৬ অভিযুক্তক গ্ৰেপ্তাৰ

    ন্যায় পাবনে ঋতুপৰ্ণ পেগুৱে? হত্যাকাণ্ডৰ মূল অভিযুক্ত হুছেইন আলী সহ ৬ অভিযুক্তক গ্ৰেপ্তাৰ

    শুকুৰবাৰে দিন-দুপৰতে হানি-খুচি হত্যা কৰা হ’ল ঋতুপৰ্ণ  পেগু নামৰ এজন যুৱকক।

    শুকুৰবাৰে দিন-দুপৰতে হানি-খুচি হত্যা কৰা হ’ল ঋতুপৰ্ণ  পেগু নামৰ এজন যুৱকক।

    শুকুৰবাৰে দিন-দুপৰতে হানি-খুচি হত্যা কৰা হ’ল ঋতুপৰ্ণ  পেগু নামৰ এজন যুৱকক।

    • Share this:
    এখন সাধাৰণ কাজিয়া আৰু পিছত নৃশংস হত্যাকাণ্ড। শুকুৰবাৰে দিন-দুপৰতে হানি-খুচি হত্যা কৰা হ’ল ঋতুপৰ্ণ  পেগু নামৰ এজন যুৱকক। গুৱাহাটীৰ নুনমাটিৰ এখন দোকানৰ সন্মুখত হোৱা এই হত্যাকাণ্ডই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে মুল অভিযুক্ত হুছেইন আলী সহ ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।


    ছচিয়েল মিডিয়াতো এতিয়া বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছে যে, অসমতে আজি চূড়ান্ত নিৰাপত্তাহীনতাত ভুগিছে নেকি খিলঞ্জীয়া ভুমিপুত্ৰ। হত্যাকাণ্ডৰ বিচাৰ তাত্‍ক্ষণিক ভাবে কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে সকলোৱে। আনকি জাতীয় দল সংগঠনকো এই ক্ষেত্ৰত এক সবল ভুমিকা লবলৈ আহ্বান জনাইছে সকলোৱে।




    উল্লেখযোগ্য যে,  এখন কাজিয়াক কেন্দ্ৰ কৰি নুনমাটিত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড। শুকুৰবাৰে দিন দুপৰতে চুৰিৰে ডিঙিত হানি খুচি হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগুক। ৰক্তাক্ত দেহেৰে ৰাজপথত ঢলি পৰে যুৱকজন। নুনমাটি হাইস্কুলৰ সন্মুখত থকা আৰমান হোম ফাৰ্নিছিং নামৰ দোকানখনৰ সন্মুখতে সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।

    দোকানখনত সংলগ্ন থকা চি চি টিভি ফুটেজত বন্দী হয় এই নৃশংস হত্যা কাণ্ডৰ সমগ্ৰ দৃশ্য। তেজেৰে লুতুৰি–পুতুৰি ৰক্তাক্ত মৃতদেহ ৰাজপথত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে জৰুৰীকালীন এম্বুলেন্স সেৱা ১০৮ আৰু নুনমাটি আৰক্ষীক। কিন্তু ঘটনাস্থলীত উপস্থিত নহ’ল ১০৮ এম্বুলেন্স সেৱা। উপস্থিত হ’ল নুনমাটি আৰক্ষী।

    ইতিমধ্যে নুনমাটি আৰক্ষীয়ে হত্যা কাণ্ড সংঘটিত হোৱা দোকানখনৰ চি চি টিভি ফুটেজ পৰীক্ষাৰ অন্তত এই নৃশংস হত্যা কাণ্ডৰ মূল অভিযুক্ত হুছেইন আলী, দুলাল আলী, ইব্ৰাহিম আলী আৰু মনোৱাৰা বেগমক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ড সংঘটিত হোৱা দোকানখনৰ স্বত্বাধিকাৰী আৰমান আলীকো আটক কৰে।



    উল্লেখ্য যে, মৃত ঋতুপৰ্ণ পেগু আৰমান হোম ফাৰ্নিছিং দোকানখনত কিছুমাহ পূৰ্বে কৰ্মৰত আছিল। কিন্তু সাধাৰণ এখন কাজিয়াৰ বাবে সংঘটিত হোৱা এনে হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ মহানগৰীতে চাঞ্চল্যৰহ সৃষ্টি কৰিছে।

    First published: