বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ধৰণী ডেকা আৰু ৰিমি ডেকাক আজি পুনৰ আদালতত হাজিৰ কৰোৱাব আৰক্ষীয়ে।
বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ধৰণী ডেকা আৰু ৰিমি ডেকাক আজি পুনৰ আদালতত হাজিৰ কৰোৱাব আৰক্ষীয়ে।
জাপৰিগোগ হত্যাকাণ্ডৰ সন্দৰ্ভত ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰণ। কেমেৰাৰ সন্মুখত হত্যাকাণ্ড সন্দৰ্ভত চাঞ্চল্যকৰ স্বীকাৰোক্তি। হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত শুই আছিল ধৰণী ডেকাৰ পুত্ৰ। ঘটনাৰ সন্দৰ্ভত যুৱকজনে কয় যে, ''দেউতাই জগাই মোক কৈছিলে 'বুঢ়াক মই মাৰি দিলো। মাক বলৎকাৰ কৰাৰ কথা কৈছিল দেউতাই। মোক ৰিক্সাত উঠাই দেউতাই গণেশগুৰিলৈ যাবলৈ দিছিল। তাৰ পিছত বিশালৰ সন্মুখত মোক ২ হাজাৰ টকা দি ভাইটিক স্কুলৰ পৰা লৈ মাহীৰ ঘৰলৈ যাবলৈ কৈছিল। পিছত মাহীৰ পৰা ৫০০টকা লৈ মই আদাবাৰীৰ মামাৰ ঘৰলৈ গ'লো। আৰু মামাৰ ঘৰৰ পৰা নলবাৰী গাঁওৰ ঘৰলৈ গ'লো। আৰক্ষীয়ে মতাই পঠিওৱাত মই দিছপুৰ থানাত হাজিৰ হৈছো। হত্যাকাণ্ডৰ বলি হোৱা হেমধৰ বৰুৱাই ঘৰ এৰি যাবলৈ আমাক কৈছিলে। কিন্তু কাজিয়া কেতিয়াও হোৱা নাছিল।''
এনেদৰেই এতিয়া অভিযোগ প্ৰতি অভিযোগৰ মাজেৰে আগবাঢ়িছে হেমধৰ বৰুৱা হত্যাকাণ্ডৰ তদন্ত। ধৰণী ডেকাইয়ো দাবী কৰিছে যে, তেওঁৱেই হত্যা কৰিলে হেমধৰ বৰুৱাক।কাৰণ হেমধৰ বৰুৱাই ধৰণী ডেকাৰ পত্নীলৈ বেয়া দৃষ্টি দিছিল বুলি দাবী কৰিছে। ইফালে এই কথা অস্বীকাৰ কৰি হেমধৰ বৰুৱাৰ পুত্ৰইয়ো ধৰণী ডেকা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে।
এনে সময়তে বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ধৰণী ডেকা আৰু ৰিমি ডেকাক আজি পুনৰ আদালতত হাজিৰ কৰোৱাব আৰক্ষীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|