৬০টা ৱাৰ্ড যুক্ত গুৱাহাটী পৌৰসভাৰ ইতিমধ্যে ৩টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী।
৬০টা ৱাৰ্ড যুক্ত গুৱাহাটী পৌৰসভাৰ ইতিমধ্যে ৩টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী।
আজি গুৱাহাটী পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ৬০টা ৱাৰ্ড যুক্ত গুৱাহাটী পৌৰসভাৰ ইতিমধ্যে ৩টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী। নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰথমবাৰলৈ EVMৰ জৰিয়তে কৰা হৈছে।
নিৰ্বাচনৰ উল্লেখ্যনীয় দিশঃ
- এইবাৰ নিৰ্বাচনত আছে মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯গৰাকী ভোটাৰ। তাৰে ভিতৰত পুৰুষ ভোটাৰ ৩ লাখ ৯৬ হাজাৰ ৮৯১। আনহাতে মহিলা ভোটাৰৰ সংখ্যা ৩ লাখ ৯৯ হাজাৰ ৯১১টা। সেইদৰে তৃতীয় লিংগৰ মুঠ ভোটাৰৰ সংখ্যা ২৭টা। সৰ্বমুঠ ৭৮৯টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে নিৰ্বাচন।
- অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে ৪ টা ৱাৰ্ড সংৰক্ষিত।
- SC মহিলাৰ বাবে সংৰক্ষিত ৬ আৰু ৯ নম্বৰ ৱাৰ্ড।
- SC প্ৰাৰ্থীৰ বাবে১৯ আৰু ৩২ নম্বৰ ৱাৰ্ড মুকলি।
- ST ৰ বাবেও ৩ টা ৱাৰ্ড সংৰক্ষিত।
- ST মহিলাৰ বাবে সংৰক্ষিত ২৩ আৰু ৫১ নম্বৰ ৱাৰ্ড।
- ST প্ৰাৰ্থীৰ বাবে মুকলি ২৭ নম্বৰ ৱাৰ্ড।
- মহিলাৰ বাবে সংৰক্ষিত মুঠ ৩০ টা ৱাৰ্ড।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|