তথ্য অনুসৰি প্ৰায় ২৫৬ কোটি টকা সংগ্ৰহ কৰিবলৈ বাকী আছে গুৱাহাটী পৌৰ নিগমৰ। অৱশ্যে কৰ সংগ্ৰহৰ উদ্দেশ্যে বিশেষ ৰেহাইৰো ব্যৱস্থা কৰিছে গুৱাহাটী পৌৰ নিগমে।নিৰ্ধাৰিত সময়ৰ পূৰ্বে কৰ দান কৰিলে পঞ্চাশ শতাংশ পৰ্যন্ত ৰেহাই দিয়াৰো ব্যৱস্থা কৰিছে নিগমে। কৰ সংগ্ৰহৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগম APDCLৰ সৈতে চুক্তিবদ্ধ হৈছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে গ্ৰাহক নম্বৰৰ লগত হোল্ডিং নম্বৰ সংযোগৰ ব্যৱস্থা কৰিছে।
গুৱাহাটীত বিদ্যুৎ গ্ৰাহক আছে ৩ লাখ ৩০ হাজাৰ জন। বিপৰীতে পৌৰ নিগমৰ হোল্ডিং নম্বৰ ২ লাখ ৮৫ হাজাৰ। উল্লেখ্য, বহু লোকৰ এতিয়াও হোল্ডিং নম্বৰ সংযোগ নোহোৱাৰ অভিযোগৰ পিছত শেহতীয়াকৈ ৫৩ হাজাৰ নতুন লোক সংযোগ হৈছে হোল্ডিং নম্বৰত।