লুইত কুমাৰ বৰ্মনৰ প্ৰশ্ন- পৌৰ নিগম এলেকাৰ কোনবোৰ অট্টালিকাই ১০০ শতাংশ নীতি অনুসৰণ কৰে?
লুইত কুমাৰ বৰ্মনৰ প্ৰশ্ন- পৌৰ নিগম এলেকাৰ কোনবোৰ অট্টালিকাই ১০০ শতাংশ নীতি অনুসৰণ কৰে?
''বুম্বা ৰাইড'' নামৰ ছবিখনৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনে ইতিমধ্যে কাঁ ফিল্ম ফেষ্টিভেলত অংশ লৈ অসমীয়া ছবিৰ প্ৰচাৰত নামি ৰাজ্যবাসীৰ সমাদৰ লাভ কৰিছিল। এই লুইত বৰ্মনেই ৰেড কাৰ্পেট সৰ্ম্পকীয় বহু তথ্য অসমবাসীক যোগান ধৰি সামাজিক মাধ্যমতো জনপ্ৰিয় হৈ পৰিছিল। এতিয়া এইগৰাকী অসমসন্তান লুইত কুমাৰ বৰ্মনৰ ঘৰতেই পৰিব গুৱাহাটী পৌৰ নিগমৰ হাতোৰা।
হয়, অবৈধ নিৰ্মাণৰ অভিযোগ তুলি লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম (GMC)।
পিছে পৌৰ নিগমক প্ৰত্যাহ্বান লুইত কুমাৰ বৰ্মনৰ। প্ৰশ্ন তুলিলে- ''কেৱল মোৰেই ঘৰত কিয়? পৌৰ নিগম এলেকাৰ কোনবোৰ অট্টালিকাই ১০০ শতাংশ নীতি অনুসৰণ কৰে?''
ইফালে পৌৰ নিগমৰ এই নিৰ্দেশ পোৱাৰ পিছতে সমগ্র কাৰ্যত অভিসন্ধিৰ গোন্ধ পাইছে লুইত কুমাৰ বৰ্মনে। উল্লেখযোগ্য যে কাঁৰ ৰেড কাৰ্পেট বিতৰ্কত ভাগ লোৱাৰ বাবেই প্ৰশাসনৰ ৰোষৰ বলি হোৱা বুলি সামাজিক মাধ্যমত এতিয়া চলিছে প্ৰচুৰ চৰ্চা।
এই কথাকেই সন্দেহ কৰিছে প্ৰযোজক লুইত কুমাৰ বৰ্মনেও। শনিবাৰে নিজা বাসভৱনত সংবাদমেল দি লুইত কুমাৰ বৰ্মনে প্ৰত্যাহ্বান জনালে গুৱাহাটী পৌৰ নিগমক।
উল্লেখ্য, ফ্ৰান্সৰ বিখ্যাত কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ভিন্ন শাখাত অসমৰ ছবি ‘বুম্বা ৰাইড' (Boomba Ride) যোৱা ২২ মে'ত প্রদর্শিত হয়। অসমৰ চলচ্চিত্ৰ উদ্যোগৰ লগতে ৰাজ্যখনৰ বাবে গৌৰৱ কঢ়িয়াই অনা ‘বুম্বা ৰাইড'ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মন (Producer Luit Kumar Barman) আৰু পৰিচালক বিশ্বজিত বৰা (Director Biswajit Bora)। ভাৰত চৰকাৰে এই শিতানত প্ৰদৰ্শনৰ বাবে নিৰ্বাচন কৰা পাঁচখন আঞ্চলিক ভাষাৰ ভাৰতীয় ছবিৰ ভিতৰত স্থান পাইছিল বুম্বা ৰাইডে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|