• Home
  • »
  • News
  • »
  • assam
  • »
  • সাংসদ কুইন ওজাৰ ডাঙৰ দুখ, মুখ্যমন্ত্ৰীক লগ পালেও কয় এই দুখৰ কথা, কিন্তু কি দুখ সাংসদগৰাকীৰ?

সাংসদ কুইন ওজাৰ ডাঙৰ দুখ, মুখ্যমন্ত্ৰীক লগ পালেও কয় এই দুখৰ কথা, কিন্তু কি দুখ সাংসদগৰাকীৰ?

গুৱাহাটীৰ পাহাৰ খননো বোলে কেৱল টিভিতহে দেখিছে সাংসদ কুইন ওজাই। আজিলৈকে পাহাৰ খননৰ অভিযোগ পোনপটীয়াকৈ কোনোৱে দিয়া নাই সাংসদগৰাকীক।

গুৱাহাটীৰ পাহাৰ খননো বোলে কেৱল টিভিতহে দেখিছে সাংসদ কুইন ওজাই। আজিলৈকে পাহাৰ খননৰ অভিযোগ পোনপটীয়াকৈ কোনোৱে দিয়া নাই সাংসদগৰাকীক।

গুৱাহাটীৰ পাহাৰ খননো বোলে কেৱল টিভিতহে দেখিছে সাংসদ কুইন ওজাই। আজিলৈকে পাহাৰ খননৰ অভিযোগ পোনপটীয়াকৈ কোনোৱে দিয়া নাই সাংসদগৰাকীক।

  • Share this:
গুৱাহাটীৰ সাংসদ কুইন ওজাই দুখ পাইছে। নিৰ্বাচনৰ আগত গুৱাহাটীবাসীক জুলাই মাহৰ ভিতৰত বিশুদ্ধ খোৱা পানী যোগানৰ কথা দি এতিয়া দিব নোৱাৰাত দুখ পাইছে কুইন ওজাই। কুইন ওজাৰ মতে এইটোৱে তেওঁৰ ডাঙৰ দুখ। মুখ্যমন্ত্ৰীক লগ পালেই এইটো কথাই পাতে বুলে কুইন ওজাই। আগন্তুক ৬ মাহৰ ভিতৰত গুৱাহাটীবাসীক পানী দিব পাৰিব বুলি আশাবাদী সাংসদ গৰাকী।

আনহাতে, গুৱাহাটীৰ পাহাৰ খননো বোলে কেৱল টিভিতহে দেখিছে সাংসদ কুইন ওজাই। আজিলৈকে পাহাৰ খননৰ অভিযোগ পোনপটীয়াকৈ কোনোৱে দিয়া নাই সাংসদগৰাকীক। কোনোবাই অভিযোগ দিলেই DGPক ফোন কৰি পাহাৰ খনন কৰা দুষ্ট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল'ব বুলি কয় সাংসদগৰাকীয়ে।

ইফালে, কৃত্ৰিম বানৰ বাবে গুৱাহাটীবাসীৰ বহুত ভুল আছে বুলি কয় সাংসদ কুইন ওজাই। কোনো পৰিকল্পনা নকৰাকৈ গুৱাহাটীত নিৰ্মাণ হ'ল বিল্ডিং, অট্টালিকা। বিল, জলাশয়বোৰতো ঘৰ বনোৱা হ'ল যাৰ ফলত পানী ওলাই যাব নোৱাৰে। আমি কাম কৰি আছো, উন্নত প্ৰযুক্তিৰ দ্বাৰা নলা নিষ্কাশনৰ কাম কৰি থকা হৈছে বুলি কয় সাংসদগৰাকীয়ে।

আনহাতে, মুখ্যমন্ত্ৰীৰ PPE কীট বিতৰ্ক সন্দৰ্ভত অজ্ঞতা প্ৰকাশ সাংসদগৰাকীৰ। হিমন্ত বিশ্ব শৰ্মা এজন বিজ্ঞ মুখ্যমন্ত্ৰী, এনে কাম কৰিব নোৱাৰে বুলি কয় সাংসদগৰাকীয়ে। তেওঁ কয়, কংগ্ৰেছ শেষ হৈ গ'ল, সেইকাৰণে এইবোৰ মিছা অভিযোগ আনিছে।
Published by:Sanjay Kumar Das
First published: