Green Guwahati : আজাৰাৰ পৰা আৰম্ভ হ'ল বন বিভাগৰ সেউজ গুৱাহাটী প্ৰকল্প, পাঁচ বছৰত গুৱাহাটীক সেউজীয়া কৰি তোলাৰ লক্ষ্য।

News18 Assam | News18-Assam
Updated:July 22, 2021, 10:42 PM IST
Green Guwahati : আজাৰাৰ পৰা আৰম্ভ হ'ল বন বিভাগৰ সেউজ গুৱাহাটী প্ৰকল্প, পাঁচ বছৰত গুৱাহাটীক সেউজীয়া কৰি তোলাৰ লক্ষ্য।
বৃহস্পতিবাৰে অভিলাষী সেউজ গুৱাহাটী প্ৰকল্পৰ আজাৰাত শুভাৰম্ভণি কৰে সাংসদ কুইন ওজাই।

বৃহস্পতিবাৰে অভিলাষী সেউজ গুৱাহাটী প্ৰকল্পৰ আজাৰাত শুভাৰম্ভণি কৰে সাংসদ কুইন ওজাই।

  • Share this:
গুৱাহাটীক সেউজীয়া কৰি তোলাৰ লক্ষ্যৰে সেউজ গুৱাহাটী প্ৰকল্প ৰূপায়ণৰ বাবে আগবাঢ়িছে ৰাজ্যৰ বন বিভাগ। আজি সেউজ গুৱাহাটী প্ৰকল্পৰ অধীনত ধাৰাপুৰৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ প্ৰকল্পৰ এক অংশ উদ্বোধন কৰে গুৱাহাটীৰ সাংসদ কুইন ওজাই। পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু বন বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত বক্ষৰোপণ কাৰ্য়সূচী শুভাৰম্ভ কৰি সাংসদ ওজাই জনসাধাৰণক বিশেষকৈ এই বৰ্ষাকালত গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে বক্তব্য ৰাখি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে পাঞ্জাবাৰীত অৱস্থিত অৰণ্য ভৱনৰ পৰা বৰঝাৰ, আজাৰাৰ বিমান বন্দৰলৈ এই প্ৰকল্পই সামৰি ল'ব। তেওঁ প্ৰকাশ কৰে যে এই প্ৰকল্পই উত্তৰ-পূৱ ভাৰতৰ গে'টৱে আৰু অসমৰ ৰাজধানী হিচাপে গুৱাহাটী মহানগৰক অনাগত পাঁ‌চ বছৰত এক সেউজ আৰু সুন্দৰ চহৰ হিচাপে গঢ় দিব। তেওঁ লগতে কয় যে আহন্তুক পাঁ‌চ বছৰত ১০ কোটি গছপুলি ৰোপণ কৰি  অৱক্ষয় হোৱা বনাঞ্চলত বৃক্ষৰোপণ কৰা হ'ব।

পাছত মন্ত্ৰী শুক্লবৈদ্য আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে আজাৰা বন্ধু মিলন নাট্য মন্দিৰৰ চৌহদত গছপুলি ৰোপণ কৰে ৷
Published by: Manjumoni Borah
First published: July 22, 2021, 10:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি