দিনে দিনে যেন অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে। ক্ৰমাৎ গুৱাহাটী মহানগৰীত বৃদ্ধি পাবলৈ ধৰিছে নিৰ্যাতন, চুৰি ,ডকাইতি কাণ্ড। এইবাৰ ৰুক্মিণী গাওঁৰ এটা ভাড়াঘৰত থকা বহি:ৰাজ্যৰ এগৰাকী ছাত্ৰীৰ ওপৰত বৰ্বৰত আক্ৰমণ চলালে ৫ দুৰ্বৃত্তই। যুৱতীগৰাকীক মাৰপিট কৰাৰ লগতে চুলিও কাটি দিয়ে দুৰ্বৃত্তৰ দলে। জানিব পৰা মতে মেঘালয়ৰ তুৰাৰ ছাত্ৰীগৰাকী বৰ্তমান USTMত অধ্যয়নৰত। ঘটনা সন্দৰ্ভত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে দিছপুৰ আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 11, 2019, 18:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|