உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Congress : 'ক্ষমতাৰ বাবে বহু তললৈ নামিব পাৰে মোদী', কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰত চিদাম্বৰমৰ মন্তব্য

    Congress : 'ক্ষমতাৰ বাবে বহু তললৈ নামিব পাৰে মোদী', কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰত চিদাম্বৰমৰ মন্তব্য

    Congress Training Camp : কংগ্ৰেছৰ প্ৰশিক্ষণ শিৱিৰত প্ৰাক্তন গৃহ তথা বিত্ত মন্ত্ৰী পি চিদাম্বৰম- "BJPয়ে দেশৰ অৰ্থনীতি ভাঙি চূড়মাৰ কৰিলে"

    Congress Training Camp : কংগ্ৰেছৰ প্ৰশিক্ষণ শিৱিৰত প্ৰাক্তন গৃহ তথা বিত্ত মন্ত্ৰী পি চিদাম্বৰম- "BJPয়ে দেশৰ অৰ্থনীতি ভাঙি চূড়মাৰ কৰিলে"

    Congress Training Camp : কংগ্ৰেছৰ প্ৰশিক্ষণ শিৱিৰত প্ৰাক্তন গৃহ তথা বিত্ত মন্ত্ৰী পি চিদাম্বৰম- "BJPয়ে দেশৰ অৰ্থনীতি ভাঙি চূড়মাৰ কৰিলে"

    • Share this:
    অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ (International Auditorium of Srimanta Shankardev Kalakshetra)ত অনুষ্ঠিত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিৱিৰ (Special Training Camp)ত আজি বিয়লিৰ অধিৱেশনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে  (P Chidambaram) ৷ প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰি চিদাম্বৰমে ক'লে- “নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়ী হ'বলৈ যিকোনো অপকৰ্ম কৰি জনগণক প্ৰতাৰণা কৰিবলৈ কুণ্ঠাবোধ  নকৰা হ'ল । এইটো গণতন্ত্ৰৰ বাবে, দেশৰ জনতাৰ বাবে ভয়ংকৰ ভাবুকি হৈ দেখা দিছে ৷ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিত অসহিষ্ণুতাই মূলধন হৈ  পৰিছে।”

    চিদাম্বৰমে নিজৰ ভাষণৰ লগতে ক'লে- “উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিৰক্ষা ব্যৱস্থাটো ইমান স্পৰ্শকাতৰ আৰু জটিল যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত লোৱা ব্যৱস্থাসমূহ যথেষ্ট নহয় । বিজেপি চৰকাৰখনে দেশৰ প্ৰচলিত অৰ্থনৈতিক ব্যৱস্থাটোক ভাঙি-ছিঙি দি জনগণৰ স্বাৰ্থৰ বিপক্ষে থিয় দিছে ।”

    প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চিদাম্বৰমে প্ৰশিক্ষণ শিৱিৰৰ চৌহদত পদাৰ্পণ কৰাৰ লগে লগে অসমৰ বাৰে-ৰহণীয়া সংস্কৃতিক তুলি ধৰি কেইবাটাও সাংস্কৃতিক দলে তেওঁক মঞ্চলৈ আদৰি নিয়ে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি (APCC President)  ভূপেন বৰা (Bhupen  Bora), AICCৰ সাধাৰণ সম্পাদক (General Secretary)  তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং (Jitendra Singh), বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিৰোধী উপ-দলপতি ৰকিবুল হুছেইন, তিনিওগৰাকী কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে' পুৰকায়স্থ, AICCৰ আন দুগৰাকী সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে আৰু বিকাশ উপাধ্যায়ৰ লগতে কেইবাগৰাকীও বিধায়কে চিদাম্বৰমক আদৰণি জনায় ।

    ইয়াৰ পূৰ্বে পুৱা প্ৰথম অধিবেশনত সমল ব্যক্তি হিচাপে বক্তব্য প্ৰদান কৰে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা (Ripun Borah)ই । বৰাই জনজাগৰণ অভিযানৰ উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা দাঙি ধৰি ক'লে- "গাঁৱে-ভূঞে BJPৰ মিথ্যাচাৰ আৰু অপশাসনৰ বিষয়ে জনগণক সজাগ আৰু সচেতন কৰি তোলাৰ লক্ষ্য লৈ দলে এই অভিযান আৰম্ভ কৰিছে আৰু ইতিমধ্যে ইয়াৰ সফলতা লাভ কৰিবলৈ দল সক্ষম হৈছে । ২০২১ চনৰ আৰম্ভণিতে দেশত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ পৰিসংখ্যা আছিল ৮ কোটি । কিন্তু ভয়ানক ৰূপত হোৱা মূল্যবৃদ্ধিয়ে তাত আৰু ১৫ কোটি লোক যোগ দিলে । মোদীৰ শাসনত জনমূৰি আয় আৰু মানুহৰ ক্ৰয় ক্ষমতা ভাবিব নোৱৰা হাৰত হ্ৰাস পালে ।” ৰিপুন বৰাই লগতে ক'লে- “মোদীক আমি ক্ষমতাৰ পৰা অপসাৰিত কৰিবলৈ বিদ্ৰোহৰ পথত ভৰি দিবই লাগিব ৷”

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: