• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Hit and Run case : ওৰে নিশা থানাৰ বেঞ্চতে শুলে গুৱাহাটীৰ হিট এণ্ড ৰাণ কেছৰ অভিযুক্ত মডেলে, ৰোল খাই কটালে নিশা

Guwahati Hit and Run case : ওৰে নিশা থানাৰ বেঞ্চতে শুলে গুৱাহাটীৰ হিট এণ্ড ৰাণ কেছৰ অভিযুক্ত মডেলে, ৰোল খাই কটালে নিশা

Rajkanya Baruah

Rajkanya Baruah

বেঞ্চতে মাত্ৰ এটা গাৰু লৈ শুইছে ৰাজকন্যা বৰুৱাই। নিশা থানাত ORS আৰু কেৱল এটা ৰোলহে খাইছে মডেলগৰাকীয়ে। আনকি পৰিয়ালে ঘৰৰ পৰা আনি দিয়া খাদ্যও খাব বিচৰা নাই ৰাজকন্যাই। কেৱল ৰেষ্টুৰেণ্টৰ কিছু লঘু খাদ্য খাব বিচাৰিছে।

  • Share this:
অৱশেষত দৰ্প চূৰ্ণ হ'ল ৰাজকন্যা বৰুৱা (Rajkanya Baruah) ওৰফে হায়া বৰুৱাৰ। গুৱাহাটীৰ পঞ্চতাৰকা হোটেল তাজ ভিভাণ্টাত নৈশ পাৰ্টি কৰি মাজনিশা ৰাজপথত তীব্ৰ গতিৰে গাড়ী চলাই ৮ জন শ্ৰমিকক মহতিয়াই নিয়া (Hit and Run) মডেল ৰাজকন্যা বৰুৱাই অৱশেষত থানাত কটাবলগীয়া হ'ল এটা নিশা। বিলাসী জীৱন কটোৱা ৰাজকন্যাই থানাত এটা নিশা কেনেকৈ কটালে সেয়াও এক আশ্চৰ্যই।

বৃহস্পতিবাৰে নিশাটো থানাৰ এখন বেঞ্চতে কটাবলগীয়া হৈছে মডেল ৰাজকন্যা বৰুৱাই। বেঞ্চতে মাত্ৰ এটা গাৰু লৈ শুইছে ৮ জন শ্ৰমিকৰ আৰু তেওঁলোকৰ পৰিয়ালৰ নিদ্ৰা হৰণ কৰা এইগৰাকী মডেলে। বিলাসী হোটেলত খাই ফুৰা ৰাজকন্যাই নিশা থানাত একো খোৱা-বোৱা কৰিব বিচৰা নাই। আৰক্ষীয়ে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে যদিও অভিযুক্ত মডেলগৰাকীয়ে বিশেষ একো খোৱা নাই। নিশা ORS আৰু কেৱল এটা ৰোলহে খাইছে মডেলগৰাকীয়ে। আনকি পৰিয়ালে ঘৰৰ পৰা আনি দিয়া খাদ্যও খাব বিচৰা নাই ৰাজকন্যাই। কেৱল ৰেষ্টুৰেণ্টৰ কিছু লঘু খাদ্য খাব বিচাৰিছে।

উল্লেখ্য যে ১ অক্টোবৰৰ নিশা প্ৰায় ২ বজাত গুৱাহাটীৰ ৰুক্মিনীগাঁৱত  নিজৰ গাড়ীৰে খুন্দিয়াই ৮জন শ্ৰমিকক আহত কৰিছিল ৰাকন্যা বৰুৱাই। ইয়াৰে এজন শ্ৰমিকে জীৱনটোৰ কাৰণে হেৰুৱাবলগা হৈছে দুয়োখন ভৰি।
Published by:Manjumoni Borah
First published: