মুখমণ্ডল জ্বলি যোৱা পিছতো এনে এক প্ৰচিযোগিতাত নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে ভাগ লোৱা দেখি সকলোৰে সমাদৰ লাভ কৰিছিল যুৱতীগৰাকীয়ে ।
মুখমণ্ডল জ্বলি যোৱা পিছতো এনে এক প্ৰচিযোগিতাত নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে ভাগ লোৱা দেখি সকলোৰে সমাদৰ লাভ কৰিছিল যুৱতীগৰাকীয়ে ।
গুৱাহাটী (Guwahati)ৰ মহানগৰীৰ উলুবাৰীৰ নিৱাসী এঞ্জেলিকা চাংমাৰ এটি দুৰ্ঘটনাত মুখমণ্ডল জ্বলি গৈছিল । কিন্তু নিজৰ সপোনক মৰিবলৈ নিদি এঞ্জেলিকাই মেলি দিছিল দুপাখি। সেই সপোনৰ পম খেদি ২ বছৰৰ পিছত এঞ্জেলিকা চাংমাই দিল্লীত অংশ ল'লে 'ভিভা ফিটনেছ'ত । এই ভিভা ফিটনেছতে উজ্বলিল এঞ্জেলিকা চাংমা । ভিভা ফিটনেছ উপস্থাপনত ভাৰতীয় চেলিব্ৰিটী ফিটনেছ এৱাৰ্ড ছিজন ৩-ত এঞ্জেলিকা চাংমাই আজুৰি আনিলে ফিটনেছ মডেল ইণ্ডিয়া 2022ৰ বঁটা।
কেইবাখনো দেশৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত এঞ্জেলিকা চাংমা অসমৰ একমাত্ৰ যুৱতী যি মিছ ফিটনেছ মডেল ইণ্ডিয়া 2022 হিচাপে পুৰস্কৃত হৈছে । মুখমণ্ডল জ্বলি যোৱা পিছতো এনে এক প্ৰচিযোগিতাত নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে ভাগ লোৱা দেখি সকলোৰে সমাদৰ লাভ কৰিছিল যুৱতীগৰাকীয়ে ।
এই সন্মান লাভ কৰাৰ পিছত এঞ্জেলিকা চাংমা উপস্থিত হয় বৰঝাৰ বিমানবন্দৰত । বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে তেওঁক ফেশ্বন পৰিচালক ধ্ৰুবজ্যোতি শৰ্মা আৰু আন বহুতো মডেল আৰু শুভকাংশীয়ে আদৰণি জনায় । উল্লেখযোগ্য যে যুৱতীগৰাকীয়ে ভাৰতীয় চেলিব্ৰিটী এৱাৰ্ডৰ দ্বাৰা পুৰস্কৃত হৈ অসমক গৌৰৱাম্বিত কৰে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|