গুৱাহাটী মহানগৰীৰ MMCHত শেহতীয়াকৈ ক'ভিডমুক্ত যুৱকৰ ভৰিত দেখা দিছে অন্য ৰোগ...

News18 Assam | News18-Assam
Updated:June 7, 2021, 11:33 AM IST
গুৱাহাটী মহানগৰীৰ MMCHত শেহতীয়াকৈ ক'ভিডমুক্ত যুৱকৰ ভৰিত দেখা দিছে অন্য ৰোগ...
মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা শেহতীয়াকৈ ক'ভিডমুক্ত এজন যুৱকৰ ভৰিত দেখা দিছে অন্য ৰোগ।

মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা শেহতীয়াকৈ ক'ভিডমুক্ত এজন যুৱকৰ ভৰিত দেখা দিছে অন্য ৰোগ।

  • Share this:
ৰাজ্যৰ চৌদিশে অব্যাহত আছে মাৰাত্মক ক'ভিডৰ সন্ত্ৰাস। এই ভয়ংকৰ মহামাৰীবিধৰ সন্ত্ৰাসৰ মাজতেই গুৱাহাটী মহানগৰীত  সংঘটিত হৈছে এক আচৰিত ঘটনা। মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা শেহতীয়াকৈ ক'ভিডমুক্ত এজন যুৱকৰ ভৰিত দেখা দিছে অন্য ৰোগ।

জানিব পৰা মতে, গাড়ীগাঁৱৰ নিবাসী হেমেন ৰাজবংশী নামৰ যুৱকজনৰ ভৰিৰ এটা অংশ‌ত সৃষ্টি হৈছে ক'লা ঘাঁ জাতীয় জটিল ৰোগৰ। উল্লেখ্য যে, বিগত ১৯ মে'ত ক'ভিডত আক্ৰান্ত হোৱা যুৱকজনক প্ৰাৰম্ভিক অৱস্থাত পতঞ্জলী ক'ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত তেওঁৰ দেহত অক্সিজেনৰ মাত্ৰা কমি অহাৰ বাবে ২৫ মে'ত তেখেতক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰোৱা হয়। তেতিয়াৰে পৰা মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ থকা যুৱকজন ক'ভিড নিগেটিভ হোৱাত দেওবাৰে  ঘৰলৈ লৈ অনা হৈছিল।

ঘৰলৈ অনাৰ পাছৰে পৰা তেওঁৰ ভৰিত‌ এক বিশেষ ক'লা ঘাঁজাতীয় ৰোগ ধৰা পৰে যিয়ে সম্প্ৰতি ভৰিৰ এটা অংশত বহুত বেয়াকৈ ছানি ধৰিছে। এইখিনিতে এটা কথা উল্লেখনীয় যে, হেমেন ৰাজবংশী পূৰ্বৰে পৰা মধুমেহ ৰোগত আক্ৰান্ত আছিল আৰু তেওঁ নিয়মিতভাৱে ইনছুলিন ব্যৱহাৰ কৰিছিল। যুৱকজন মধুমেহ ৰোগী  বুলি মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰোৱাৰ সময়ত তেওঁৰ জ্যেষ্ঠ ভগ্নীয়ে চিকিৎসককো অৱগত কৰিছিল বুলি জনাইছে। কনিষ্ঠ ভাতৃৰ এনে অৱস্থাত অসহায় হৈ পৰিছে তেওঁৰ একমাত্ৰ জ্যেষ্ঠ ভগ্নী। হঠাৎ এনেদৰে দেখা দিয়া এনে ৰোগৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়ালটো।
Published by: Kokil Sarma
First published: June 7, 2021, 11:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি