"অহা ১০ বছৰৰ ভিতৰত শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ ঘোষণা কৰিমেই, এইক্ষেত্ৰত মই দৃঢ়। অহা অক্টোবৰৰ পৰা নতুন শিৱসাগৰৰ ৰূপে লাভ কৰিব অসমবাসীয়ে।" "অহা ১০ বছৰৰ ভিতৰত শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ ঘোষণা কৰিমেই, এইক্ষেত্ৰত মই দৃঢ়। অহা অক্টোবৰৰ পৰা নতুন শিৱসাগৰৰ ৰূপে লাভ কৰিব অসমবাসীয়ে।" প্ৰথম দিনা চেঙা সমষ্টিৰ প্ৰশ্ন কৰাক লৈ সমালোচনাৰ সন্মুখাৱ হোৱাৰ পাছত আজি বিধানসভাৰ অধিবেশনত শিৱসাগৰ (Sivasagar)ক ৰাজ্যিক ঐতিহ্য (State Heritage) হিচাপে ঘোষণাৰ দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)ৰ।
"শিৱসাগৰত ৫৫১টা ঐতিহাসিক কীৰ্তি চিহ্ন আছে; যি পৃথিৱীৰ কোনো স্থানত পাবলৈ নাই। শিৱসাগৰৰ গ্ৰাম্য জীৱন অতুলনীয় আৰু এনে পৰিবেশ কতো পাবলৈ নাই ৷ গাঁৱৰ বাৰীবোৰ মোমাই তামুলীয়ে যেনেদৰে নিপুণভাৱে পাতিছিল; সেয়া কতো পাবলৈ নাই ৷ শিৱসাগৰৰ বিহু অতি পুৰণি বিহু।" এই মন্তব্য কৰি শিৱসাগৰক ৰাজ্যিক ঐতিহ্য হিচাপে ঘোষণাৰ দাবী জনালে বিধায়ক অখিল গগৈয়ে।
অখিল গগৈৰ প্ৰস্তাৱক লৈ সদনত পৰ্যটন মন্ত্ৰী বিমল বৰা (Bimal Bora)ই উত্তৰ দিয়ে। মন্ত্ৰী বৰাই কয়, "শিৱসাগৰ কেৱল ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰই নহয়, শিৱসাগৰক আমি বিশ্ব ঐতিহ্য (World Heritage) ক্ষেত্ৰ হিচাপে আমি গঢ়ি তুলিব লাগিব ৷ ৫০০০ বছৰীয়া ভাৰতীয় সংস্কৃতিত শিৱসাগৰৰ গুৰুত্ব আছে ৷ আমি কেৱল ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰি দিলেই নহ'ব; শিৱসাগৰৰ আলি-পদুলি বনাই দিলেই নহ'ব ৷ শিৱসাগৰক আমি বিশ্বত উজ্বলাই তুলিব লাগিব ৷ আমি সেই ক্ষেত্ৰত কাম কৰিব লাগিব।"
মন্ত্ৰী বিমল বৰাৰ উত্তৰত সন্তুষ্ট নহ'ল অখিল গগৈ। অখিলে উভতি ধৰিলে মন্ত্ৰী বিমল বৰাক, "চৰকাৰে শিৱসাগৰক লৈ প্ৰতিশ্ৰুতি নিদিয়ে নেকি? ঐতিহ্য নগৰী বুলি ঘোষণা নকৰে নেকি? ১০০ কোটি টকা আৱণ্টন নিদিয়ে নেকি?"
বিধায়কজনে এনেদৰে উভতি ধৰাত মন্ত্ৰী বিমল বৰাই কয় যে ১০০ কোটি কি, শিৱসাগৰক আমি বেছি টকা দিম ৷ শিৱসাগৰক ১০০ কোটিৰে নুজুখিব ৷ শিৱসাগৰক আমি শক্তিশালী হিচাপে আগবঢ়াই নিব লাগিব।
পাছত বিধানসভাৰ বাহিৰলৈ ওলাই আহি অখিল গগৈয়ে কয়, "অহা ১০ বছৰৰ ভিতৰত শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ ঘোষণা কৰিমেই, এইক্ষেত্ৰত মই দৃঢ়।" তেওঁ আকৌ কয় যে অহা অক্টোবৰৰ পৰা নতুন শিৱসাগৰৰ ৰূপে লাভ কৰিব অসমবাসীয়ে। ৰংঙঘৰৰ বাহিৰত দেৱাল, টয়লেট, পাৰ্ক আদি নাই চৌহদৰ ভিতৰত। শিৱসাগৰত গ্ৰাম্য ক্ৰীড়া অনুষ্ঠিত কৰাৰো পৰিকল্পনা ব্যক্ত কৰে অখিল গগৈয়ে।
ইপিনে বিধানসভাত অখিল গগৈৰ প্ৰশ্নক লৈ কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika)ই। পীযুষ হাজৰিকা কয়, "অখিল গগৈয়ে ভুকুতে কল পকাব বিচাৰে ৷ এনেকৈ চৰকাৰ নচলে ৷ এনেকৈ বিধানসভা নচলে।"
Published by: Manjumoni Borah
First published: July 13, 2021, 14:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|