বিশ্বৰ দুই নম্বৰ ৰেংকিঙৰ খেলুৱৈ চাইনীজ টাইপেইৰ বক্সাৰ নিয়েন চিন চেনক ৪-১ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে অসম কন্যা লাভলীনাই।
জুবিনৰ পৰা পাপনলৈ, আঙুৰলতাৰ পৰা নাহিদ আফ্ৰীনলৈ, অতুল বৰাৰ পৰা অনুৰাগ ঠাকুৰলৈ সকলোৱেই অভিনন্দন জনাইছে লাভলীনাক। মন্ত্ৰীৰ পৰা চেলিব্ৰিটীলৈ কোনো পিছ পৰি ৰোৱা নাই অসম গৌৰৱ, ভাৰত গৌৰৱ লাভলীনাক অভিনন্দন জনাবলৈ।
জুবিন গাৰ্গে লিখিছে, লাভলীনা তোমালৈ মৰম এই উচ্ছাসপূৰ্ণ মুহূৰ্তৰ বাবে। বিশ্বক পৰাভূত কৰা, স্বৰ্ণ জয় কৰি আনা।
অংগৰাগ পাপন মহন্তইও হিয়া উজাৰি শুভেচ্ছা জনাইছে লাভলীনাক।
প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই লিখিছে, "অসমৰ সৰুপথাৰৰ জীয়ৰী লাভলীনাই অলিম্পিকত আগন্তুক আটাইকেইটা কঠিন প্ৰত্যাহ্বানত নেওচি অসম তথা ভাৰতবাসীৰ বাবে সৰ্বোচ্চ পদক আঁজুৰি আনক তাৰেই কামনাৰে লাভলীনাক এই বৃহৎ ঐতিহাসিক জয়ৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ৷"
অলিম্পিকত পদক নিশ্চিত বুলি লাভলীনাক অভিনন্দন জনাইছে গায়িকা নাহিদ আফ্ৰীনে।
নিশিতা গোস্বামীয়ে অভিনন্দন জনাইছে এইবুলি- জিলিকি উঠা...অসম তোমাক লৈ গৌৰৱান্বিত...বিশ্ব জয় কৰি আহা।
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে অভিনন্দন জনাই লিখিছে- ৱেল ডান লাভলীনা...তুমি আজি গোটেই ভাৰতকে জগাই তুলিলা...
আগন্তুক ৪ আগষ্টত তুৰ্কীৰ খেলুৱৈৰ বিৰুদ্ধেআছো খেল। এতিয়া অপেক্ষা মাথো কেইটামান মুহূৰ্তৰ। লাভলীনাক এতিয়া লাগে অসমবাসীৰ আশীৰ্বাদ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|