জলসম্পদ বিভাগৰ মুখ্য কাৰ্যালয়ত মুঠ ৩৫৭ গৰাকী কৰ্মচাৰীৰ ভিতৰত বৃহস্পতিবাৰে অনুপস্থিত ২৪ গৰাকী কৰ্মচাৰী।
জলসম্পদ বিভাগৰ মুখ্য কাৰ্যালয়ত মুঠ ৩৫৭ গৰাকী কৰ্মচাৰীৰ ভিতৰত বৃহস্পতিবাৰে অনুপস্থিত ২৪ গৰাকী কৰ্মচাৰী।
বৃহস্পতিবাৰে হঠাৎ চানমাৰিৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ত ছাডেন ভিজিট মন্ত্ৰী পীযূষ হাজৰিকাৰ। মন্ত্ৰী অহাৰ লগে লগে হুৱাদুৱা লাগিল বিষয়া–কৰ্মচাৰীৰ মাজত। কাৰ্যালয়ৰ প্রতিটো কোঠা পৰিদর্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ। খালী চকী-টেবুল। নাই একাংশ বিষয়া-কৰ্মচাৰী।
জলসম্পদ বিভাগৰ মুখ্য কাৰ্যালয়ত মুঠ ৩৫৭ গৰাকী কৰ্মচাৰীৰ ভিতৰত বৃহস্পতিবাৰে অনুপস্থিত ২৪ গৰাকী কৰ্মচাৰী। তাৰে ১৪ জনে দিয়া নাছিল চুটিৰ কোনো আৱেদন।আৱেদন নিদিয়াকৈ কাৰ্যালয়ত অনুপস্থিত ১৪জন কমৰ্চাৰীৰ এদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পীযূষ হাজৰিকাই।
কাৰ্যালয়ৰ বিষয়াক কৰ্ম সংস্কৃতি ঘূৰাই অনাৰ আহ্বান মন্ত্ৰীগৰাকীৰ। প্ৰতিখন জিলাত এজনকৈ কাৰ্যবাহী আৰু সহ-অভিযন্তা প্ৰদান কৰাৰ নিৰ্দেশ। উল্লেখযোগ্য, কেৱল এয়াই নহয়, এনে বহু কাৰ্যালয়ত এতিয়াও নাথাকে বহু বিষয়া-কৰ্মচাৰী। লগতে মন্ত্ৰীগৰাকীয়ে কয়, বানপানীৰ সময়ত সকলো বিষয়াই কোনো ধৰণৰ যাতে হেমাহি নকৰে, সকলোকে নিজৰ নিজৰ নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। লগতে বিভাগত অতিৰিক্ত লোকক ফিল্ডত পাঠোৱাৰ বাবে নিৰ্দেশ প্রদান কৰে। ইফালে, বিভাগটোৰ সাল-সলনিৰ প্ৰয়োজন থকাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|