পীযুষ হাজৰিকাই কংগ্ৰেছৰ সভাপতিগৰাকীক অনুৰোধ জনায় যে যদি খেলুৱৈৰ লগত ৰাজনীতিবিদৰ ফ’টো থাকিব নালাগে, তেন্তে খেলৰ অনুষ্ঠানসমূহৰ লগতো ৰাজনীতিবিদৰ নাম জড়িত হ’ব নালাগে।
পীযুষ হাজৰিকাই কংগ্ৰেছৰ সভাপতিগৰাকীক অনুৰোধ জনায় যে যদি খেলুৱৈৰ লগত ৰাজনীতিবিদৰ ফ’টো থাকিব নালাগে, তেন্তে খেলৰ অনুষ্ঠানসমূহৰ লগতো ৰাজনীতিবিদৰ নাম জড়িত হ’ব নালাগে।
মুখ্যমন্ত্ৰীয়ে চাৰি দিনৰ আগতেই টকিঅ’ অলিম্পিকত পদকবিজয়ী অসম গৌৰৱ লাভলীনা বৰগোহাঁইক আদৰণি জনাবলৈ অসম চৰকাৰৰ ক্ৰীড়া বিভাগে সাজু কৰি তোলা হ’ৰ্ডিং অথবা বেনাৰসমূহত মুখ্যমন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰীগৰাকীৰ ফ’টো নলগাই কেৱল খেলুৱৈগৰাকীৰ ফ’টো লগাবলৈহে নিৰ্দেশ প্ৰদান কৰিছে", অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই অসম বিধানসভাৰ অন্তত আজি সাংবাদিকক এই কথা সদৰি কৰে।
অসম ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সোমবাৰে সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল যে যিবোৰ বেনাৰত লাভলীনা বৰগোহাঁইৰ লগত মন্ত্ৰীৰ ফ’টো আছে সেই বেনাৰবোৰ চৰকাৰে আঁতৰাই পেলাব লাগে, নহ’লে কংগ্ৰেছ দলে সেই বেনাৰসমূহ নিজা উদ্যোগত আঁতৰাই পেলাব।
কংগ্ৰেছ সভাপতিগৰাকীৰ এই কথাৰ উত্তৰ দি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰীয়ে চাৰিদিনৰ পূৰ্বেই এই বিষয়ত স্পষ্ট নিৰ্দেশনা দি থৈছে আৰু সেয়া ক্ৰীড়া বিভাগে কাৰ্যকৰী কৰিব। কিন্তু কংগ্ৰেছ দলৰ সভাপতিগৰাকীয়ে আইন হাতত তুলি কংগ্ৰেছৰ সদস্যসকলে চৰকাৰী বেনাৰ-হ’ৰ্ডিং আঁতৰাই পেলোৱাৰ কথা কোৱাটোত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কংগ্ৰেছৰ সদস্যসকলে আইন হাতত তুলি ল’ব নোৱাৰে। অৱশ্যে কংগ্ৰেছ সভাপতিগৰাকীৰ পৰামৰ্শ ভৱিষ্যতে চৰকাৰে বিবেচনা কৰিব বুলি তেওঁ প্ৰকাশ কৰে।
মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ জৰিয়তে কংগ্ৰেছৰ সভাপতিগৰাকীক অনুৰোধ জনায় যে যদি খেলুৱৈৰ লগত ৰাজনীতিবিদৰ ফ’টো থাকিব নালাগে তেন্তে খেলৰ অনুষ্ঠানসমূহৰ লগতো ৰাজনীতিবিদৰ নাম জড়িত হ’ব নালাগে। অসমৰ নেহৰু ষ্টেডিয়ামকে ধৰি, ইণ্ডিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ নামত বহুতো ষ্টেডিয়াম তথা খেলৰ অনুষ্ঠান আছে বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয়, "খেলুৱৈৰ লগত যদি ৰাজনীতিবিদৰ ফ’টো লগোৱাটো তেওঁলোকে ভাল পোৱা নাই, মানা কৰিছে আৰু আইন হাতত তুলি ল’ম বুলি কৈছে, তেন্তে ’উপদেশতকৈ আৰ্হি ভাল’ কথাষাৰ সাৰোগত কৰি তেওঁলোকে এটা সিদ্ধান্ত লওক যাতে নেহৰু ষ্টেডিয়ামৰ নামটো অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ, প্ৰথিতযশা খেলুৱৈৰ নামত উছৰ্গিত হওক।"
যিসমূহ অনুষ্ঠান ৰাজীৱ গান্ধী, ইণ্ডিৰা গান্ধীকে ধৰি মূলত এটা পৰিয়ালৰ ব্যক্তিসকলৰ নামত আছে, সেইসমূহ নাম আঁতৰাই দিবলৈ কংগ্ৰেছ দলে সিদ্ধান্ত লৈ চৰকাৰক অনুৰোধ জনাব লাগে বুলিও মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলৰ সভাপতিগৰাকীক আহ্বান জনায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|