আৰ পি শৰ্মাক উভতি ধৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই। মন্ত্ৰীগৰাকীৰ মতে, আৰ পি শৰ্মা দুই নম্বৰী আৰ এছ এছ আছিল
আৰ পি শৰ্মাক উভতি ধৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই। মন্ত্ৰীগৰাকীৰ মতে, আৰ পি শৰ্মা দুই নম্বৰী আৰ এছ এছ আছিল
ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে এৰিলে এআইইউডিএফ। আচিৰেই ৰাজ্যৰ ছয়টা বিধানসভা সমষ্টিত উপ–নিৰ্বাচন অনুষ্ঠিত হ’ব। এই উপ–নিৰ্বাচনৰ বাবে বিজেপি সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই।
জলসম্পদ আৰু জনসংযোগ মন্ত্ৰী পীযূষ হাজৰিকাৰ মতে, থাওৰা, মৰিয়নী, ভৱানীপুৰ, গোসাঁইগাঁও, তামুলপুৰত অনায়সে জিকিব বিজেপি। আনহাতে, মাজুলীত হেনো বিজেপিৰ টেনচনেই নাই।
বৃহস্পতিবাৰে প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই বাজপেয়ী ভৱনৰ নাম ৰাজীৱ ভৱন ৰাখিব লাগে বুলি মন্তব্য আগবঢ়াইছিল। আৰ পি শৰ্মাক উভতি ধৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই। মন্ত্ৰীগৰাকীৰ মতে, আৰ পি শৰ্মা দুই নম্বৰী আৰ এছ এছ আছিল। প্ৰকৃত আৰ এছ এছৰ লোকে কেতিয়াও কংগ্ৰেছত যোগ দিব নোৱাৰে বুলি কয় পীযূষ হাজৰিকাই। ৰাজীৱ ভৱনৰ নামো সলনি কৰি বাজপেয়ী ভৱন কৰিবলৈ আৰ পি শৰ্মাক প্ৰত্যাহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।
ডিমা হাছাওৰ ডিওব্ৰাৰ ঘটনাক গৰিহণা দিয়ে মন্ত্ৰী পীযূষ হাজৰিকাই। উগ্ৰপন্থীক কঠোৰ হাতেৰে দমন কৰিম বুলি নিউজ১৮ক জনালে কেবিনেট মন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|