১৫ জুলাইৰ আগধ বানপানীত বিধস্ত হোৱা মৎস্য ব্যৱসায়ীক চৰকাৰী সাহায্য দিয়া হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে।
১৫ জুলাইৰ আগধ বানপানীত বিধস্ত হোৱা মৎস্য ব্যৱসায়ীক চৰকাৰী সাহায্য দিয়া হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে।
মহানগৰীৰ লখৰাতস্থিত শৰাইঘাট বজাৰত আজিৰে পৰা মুকলি হল মৎস্য বজাৰ। শৰাইঘাট পাইকাৰী বজাৰত শৰাইঘাট বজাৰ সমিতি আৰু ফিছফেড অসমৰ যৌথ প্ৰচেষ্টাত গঢ় লৈ উঠিছে বজাৰখন। বজাৰ মুকলি অনুস্থানত উপস্থিত থাকে মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, ফিছফেডৰ চিয়াৰমেন, পৌৰ নিগমৰ মেয়ৰৰ লগতে বহুকেইজন বিষয়া।
মৎস্য বজাৰত সতেজ মাছ উপলব্ধ হোৱাৰ লগতে স্বাস্থ্যসন্মত তথা বিজ্ঞানসন্মতভাৱে মাছ ৰাখিব পৰা ব্যবস্থা কৰিছে বজাৰ কৰ্তপক্ষই। অসংগঠিত ৰূপত তথা অবৈধভাৱে থকা মাছ বজাৰ উচ্ছেদ কৰা হ’ব বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে।
বজাৰখনত ৪০খন দোকান ৩০০ ব্যৱসায়ী আৰু ৮০০ লোক প্ৰত্যেকদিনে সমবেত হ’ব। ১৫ জুলাইৰ আগধ বানপানীত বিধস্ত হোৱা মৎস্য ব্যৱসায়ীক চৰকাৰী সাহায্য দিয়া হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠান শেষ হোৱাৰ পিছত বজাৰখন পৰিদৰ্শন কৰি বিধে বিধে সামগ্ৰী ক্ৰয় কৰিলে মন্ত্ৰীয়ে। বজাৰখনৰ পৰিচালনাৰ দ্বায়িত্বত থকা বাবু বড়োৱে উল্লেখ কৰে যে ব্যবস্যায়ীসকলৰ বাবে থাকিব বিশেষ সুবিধা। অন্য বজাৰৰ সমানে দিব নালাগিব কৰ কাটল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|