২৮ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰতিঘৰ লোকক বিদ্যুৎ যোগান ধৰাৰ লক্ষ্য চৰকাৰৰ: মুখ্যমন্ত্ৰী
২৮ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰতিঘৰ লোকক বিদ্যুৎ যোগান ধৰাৰ লক্ষ্য চৰকাৰৰ: মুখ্যমন্ত্ৰী
২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যৰ প্ৰতিঘৰ লোকক বিদ্যুৎ যোগান ধৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। এই সময়তে কামত গাফিলতি কৰা কোম্পানীক গামোচা পিন্ধাই কামৰ পৰা বিদায় দিলে শক্তিমন্ত্ৰী বিমল বৰা (Bimal Bora)ই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)য়ো দেওবাৰে বিজুলী ভৱনৰ পৰ্য্যালোচনা বৈঠকত অংশ লৈকয় যে অসমত হ'ব এশ শতাংশই বিদ্যুতিকৰণ। অসমৰ ৰাইজে ২৪ ঘণ্টাই পাব বিজুলী।
বিদ্যুৎ বিভাগৰ কামত গাফিলতি কৰাৰ অভিযোগত শক্তি মন্ত্ৰীয়ে টাৰ্মিনেট কৰিলে এটা কোম্পানীক। নীতি নিৰ্দেশনা অমান্য কৰি লেহেমীয়া গতিৰে কাম আগবঢ়োৱাৰ অভিযোগ । অভিযোগ পোৱাৰ পিছতেই মন্ত্ৰী বিমল বৰাই কৰিলে Power & Instrumentation নামৰ কোম্পানীটোৰ দুটা প্ৰজেক্ট। মন্ত্ৰীয়ে গামোছা পিন্ধাই বিদায় দিলে Power & Instrumentation নামৰ কোম্পানীটোক। সিমানতে ক্ষান্ত নাথাকি কোম্পানীটোৰ ডিব্ৰুগড় আৰু শিৱসাগৰৰ দুটা পেকেজো বাতিল কৰি দিয়া হয় বুলি NEWS18ক জনায় শক্তি মন্ত্ৰী বিমল বৰাই।
জনতাক পণবন্দী কৰি ধন ঘটা কোনো লোককে সহ্য কৰা নহ'ব বুলি সকিয়াই দিয়ে শক্তি মন্ত্ৰীগৰাকীয়ে। ইপিনে ৰাজ্যত নতুনকৈ ২০ লাখ ডিজিটেল মিটাৰ স্থাপন হ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|