• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Mizoram Border Clash : সীমা সমস্যাক লৈ শীঘ্ৰে হ’ব কেন্দ্ৰ–ৰাজ্যৰ আলোচনা, আৰু কি ইংগিত দিলে মন্ত্ৰী অতুল বৰাই?

Assam-Mizoram Border Clash : সীমা সমস্যাক লৈ শীঘ্ৰে হ’ব কেন্দ্ৰ–ৰাজ্যৰ আলোচনা, আৰু কি ইংগিত দিলে মন্ত্ৰী অতুল বৰাই?

উল্লেখযোগ্য যে অসম–মিজোৰাম সীমান্তৰ শেহতীয়া ঘটনাৰ পিছতে তৎপৰ হৈ পৰিছে কেন্দ্ৰ৷ যাৰ বাবে কেন্দ্ৰই আমন্ত্ৰণ কৰিছে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি দল৷

  • Share this:
অসমৰ সীমা সমস্যা সমাধানৰ অৰ্থে শীঘ্ৰে বৈঠকত মিলিত হ’ব কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ৷ অসমৰ সীমা বিবাদ নিস্পত্তি কৰিবলৈ আগ্ৰহী কেন্দ্ৰ৷ অসম চৰকাৰক তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰই৷ যিকোনো মূহূৰ্তত হ’ব পাৰে সীমা সমস্যা সমাধানক লৈ আলোচনা৷ এই গুৰুত্বপূৰ্ণ আলোচনাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্যতম কেবিনেট মন্ত্ৰী অতুল বৰাৰই৷

কেন্দ্ৰ চৰকাৰৰ এক সংকেতৰ পিছতে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছে অসম মিজোৰাম, অসম অৰুণাচল, অসম নাগালেণ্ডকে ধৰি সীমামূৰীয়া ৰাজ্যসমূহৰ সামগ্ৰিক তথ্য৷ যি তথ্য অচিৰেই দাখিল কৰিব কেন্দ্ৰৰ হাতত৷

উল্লেখযোগ্য যে অসম–মিজোৰাম সীমান্তৰ শেহতীয়া ঘটনাৰ পিছতে তৎপৰ হৈ পৰিছে কেন্দ্ৰ৷ যাৰ বাবে কেন্দ্ৰই আমন্ত্ৰণ কৰিছে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি দল৷ পিছে, চুবুৰীয়া ৰাজ্যই কিমান ভূমি দখল কৰিছে সেয়া এইপৰ্যন্ত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ পৰা বিৰত থাকে কৃষি মন্ত্ৰী অতুল বৰা৷
Published by:Sanjay Kumar Das
First published: