• Home
  • »
  • News
  • »
  • assam
  • »
  • সীমা বিবাদ! মেঘালয়ৰ সৈতে মীমাংসা হোৱাৰ দিশে সীমা বিবাদ 

সীমা বিবাদ! মেঘালয়ৰ সৈতে মীমাংসা হোৱাৰ দিশে সীমা বিবাদ 

দেওবাৰৰ বৈঠকখনত উপস্থিত আছিল পশ্চিম গাৰো পাহাৰ আৰু কামৰূপৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকো৷

দেওবাৰৰ বৈঠকখনত উপস্থিত আছিল পশ্চিম গাৰো পাহাৰ আৰু কামৰূপৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকো৷

দেওবাৰৰ বৈঠকখনত উপস্থিত আছিল পশ্চিম গাৰো পাহাৰ আৰু কামৰূপৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকো৷

  • Share this:
দেওবাৰে নিশা মহানগৰীৰ হোটেল ৰেডিশ্যন ব্লুত সম্পন্ন হ'ল অসম আৰু মেঘালয়ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক৷ অসম চৰকাৰৰ সীমান্ত উন্নয়ন মন্ত্ৰী আৰু মেঘালয়ৰ ৰেণিক্টন লিংড' টংখাৰৰে হোৱা বৈঠকৰ পিছত কিছু ইতিবাচক সঁহাৰি লাভ কৰাৰ এক আশাৰ ৰেঙণি জাগিছে৷ দীৰ্ধদিন ধৰি অসম-মেঘালয়ৰ সীমা বিবাদ চলি আহিছে ৷ মেঘালয়ে প্ৰায়েই অসমৰ ভূমিত যদি ভোটগ্ৰহণ কেন্দ্ৰ পাতিছে, আন কেতিয়াবা পাতিছে স্কুল বা আন চৰকাৰী কাৰ্যালয় ৷ মেঘালয়ৰ আগ্ৰাসী সীমাৰ পৰিধি ভাঙি বেদখল কৰাৰ সময়ত প্ৰায়েই সীমান্তত থকা অসমৰ লোকে ভুগিব লগীয়া হৈছে দুৰ্ভোগ ৷

মেঘালয়ে গোৱালপাৰাত অসমৰ ভূমি দখল কৰিছে  ৩৩.৮১৫৬হেক্টৰ৷ কাছাৰত ভূমি দখল কৰিছে ৬০২.০১১৭হেক্টৰ৷ কামৰূপত দখলৰ পৰিমান হৈছেগৈ ৮০২.৬৮২৩হেক্টৰ৷ দক্ষিণ শালমাৰা-মানকাছৰত ৩.৩৫০৫হেক্টৰ দখল কৰি ৰাখিছে মেঘালয়ে পশ্চিম কাৰ্বি আংলঙত ২হাজাৰ স্কোৱেৰ মিটাৰ দখল ৰাখিছে চুবুৰীয়া ৰাজ্যখনে৷ এনে প্ৰেক্ষাপটত দুয়োখন ৰাজ্যৰ বুজাবুজিৰ মাজেৰেহে সম্ভৱ অসমৰ ভূমি বেদখল মুক্ত কৰা৷

দেওবাৰে ৰেডিশ্যন ব্লুত হোৱা বৈঠকৰ পিছত সোমবাৰে মেঘালয়ৰ মন্ত্ৰী ৰেণিক্টন লিংড' টংখা আৰু মেঘালয়ৰ আন মন্ত্ৰী বিধায়কৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ লগতে মন্ত্ৰী পীযূষ হাজৰিকা, চন্দ্ৰ মোহন পাটোৱাৰী আৰু আন বহুকেইগৰাকী বিধায়কে পৰিদৰ্শন কৰিব কামৰূপৰ হাঁহিম আৰু গিজাং অঞ্চল৷ বুজ ল'ব বৰ্তমানৰ পৰিস্থিতিৰ ৷ এই সকলোবোৰ কথাৰ বুজ লৈ এক প্ৰতিবেদন অসম চৰকাৰক দিব লাগিব মন্ত্ৰী অতুল বৰাই৷ সেই প্ৰতিবেদনৰ ভিত্তিতে দুয়োখন চৰকাৰৰ মুখ্যমন্ত্ৰী দুগৰাকী আলোচনাৰ মেজত বহি ল'ব এক সিদ্ধান্ত৷ যি সিদ্ধান্তক লৈ অসমবাসীয়ে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকাৰ হয়তো ঘটিব পাৰে অৱসান!

দেওবাৰৰ বৈঠকখনত উপস্থিত আছিল পশ্চিম গাৰো পাহাৰ আৰু কামৰূপৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকো৷ এতিয়া কথা হ'ল মন্ত্ৰী অতুল বৰাই কোৱাৰ দৰেই ইতিবাচক হ'বনে কথাবোৰ? সীমান্ত দুৰ্ভোগ ভুগি থকা অসমীয়াই পাবনে ন্যায়? হেক্টৰে হেক্টৰে ভূমি মেঘালয়ৰ বেদখলৰ পৰা মুক্ত কৰিব পাৰিবনে অসম চৰকাৰে ৷ সময় অপেক্ষাৰ৷
Published by:Sanjay Kumar Das
First published: