• Home
  • »
  • News
  • »
  • assam
  • »
  • আঠ দিনত ২ কোটি টকাৰ মাংস খালে গুৱাহাটীবাসীয়ে 

আঠ দিনত ২ কোটি টকাৰ মাংস খালে গুৱাহাটীবাসীয়ে 

Source-Google

Source-Google

কোৰোণা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে এতিয়া দেশজুৰি ল’ক ডাউন

  • Share this:
কোৰোণা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে এতিয়া দেশজুৰি ল’ক ডাউন। এই লক ডাউনৰ সময়ত গুৱাহাটীবাসীৰ বাবে আঠদিন পূৰ্বে আৰম্ভ কৰিছিল এক বিশেষ সেৱা ৷ পছন্দৰ মাংস-কণী গুৱাহাটীবাসীক যোগান ধৰা আৰম্ভ কৰিছিল ৰাজ্যিক পশুধন আৰু হাঁহ-কুকুৰা নিগমে ৷

পিছে এই আঠদিনত নিগমে বিক্ৰী কৰিলে গুৱাহাটীবাসীক ২০ টনতকৈ অধিক ছাগলীৰ মাংস ৷ এই হিচাপত ছাগলী মাংসৰ পৰা নিগমে পালে এক কোটি পঞ্চাশ লাখ টকা ৷ একেদৰে কুকুৰাৰ মাংস বিক্ৰী হ'ল এই সময়ছোৱাত প্ৰায় ৫০ লাখ টকা ৷ এই কথা News18ক জনালে নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ৷

অধ্যক্ষ শইকীয়াই লগতে ক'লে, ‘মংগলবাৰৰ পৰা হাঁহৰ মাংস উপলব্ধ হ’ব ৷ কাইলৈৰ পৰা বিক্ৰী কৰা হ'ব স্থানীয় কুকুৰাৰ মাংস ৷ ভাল কথা এইটোৱে যে শেহতীয়াকৈ প্ৰায় তিনিশ স্থানীয় যুৱক এই হাঁহ-কুকুৰা আৰু ছাগলী ব্যৱসায়ত কাম আৰম্ভ কৰিছে ৷ আত্মসংস্থাপনৰ এক পথ প্ৰসস্ত হৈছে ৷’
Published by:Himangshu Bhuyan
First published: