• Home
  • »
  • News
  • »
  • assam
  • »
  • এদিনতে ইমান! সোমবাৰৰ দিনটোত কিমান মাংস খালে গুৱাহাটীবাসীয়ে? 

এদিনতে ইমান! সোমবাৰৰ দিনটোত কিমান মাংস খালে গুৱাহাটীবাসীয়ে? 

Source-Google

Source-Google

গুৱাহাটী মহানগৰবাসীয়ে সামাজিক ব্যৱধান ৰক্ষা কৰি ক্ৰয় কৰিছে ছাগলী আৰু কুকুৰাৰ মাংস

  • Share this:
কোৰোণা মহামাৰীৰ মহাসংক্ৰমণ অব্যাহত আছে ৷ অব্যাহত আছে দেশজুৰি লক ডাউন ৷ এনে সময়ত গুৱাহাটী মহানগৰবাসীয়ে সামাজিক ব্যৱধান ৰক্ষা কৰি ক্ৰয় কৰিছে ছাগলী আৰু কুকুৰাৰ মাংস ৷ পিছে ক'ৰ পৰা মাংস ক্ৰয় কৰিছে গুৱাহাটীবাসীয়ে?

লক ডাউনে ইতিমধ্যে ২৮ দিন অতিক্ৰম কৰিলে ৷ ইয়াৰ মাজতে বিগত তিনিদিন ধৰি ছাগলী আৰু কুকুৰাৰ মাংস বিক্ৰী কৰিছে ৰাজ্যিক হাঁহ-কুকুৰা পশুধন নিগমে। সোমবাৰৰ দিনটোত গুৱাহাটীবাসীয়ে নিগমৰ পৰা দুহাজাৰ কেজি ছাগলীৰ মাংস, এহাজাৰ কেজি কুকুৰাৰ মাংস আৰু ৬৫০ প্লেট কণী ক্ৰয় কৰে ৷

এই কথা সদৰি কৰি নিগমৰ এজন বিষয়াই কয় যে, ‘আমি ছাগলী আৰু কুকুৰা মাংস কাটি পশু চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাও ৷ তাৰ পিছত ৰাতিটো শীতলীকৰণ কক্ষত ৰখা হয় মাংসবোৰ ৷ এই প্ৰক্ৰিয়াৰ অন্ততহে বিক্ৰী কৰা হয় ৷’ উল্লেখযোগ্য যে প্ৰতি কেজি ছাগলী মাংস ৬৫০টকাত, প্ৰতি কেজি কুকুৰা মাংসত ২৫০ টকাত আৰু কণী প্ৰতিটো প্লেটত ১৪০ টকাকৈ বিক্ৰী কৰিছে নিগমে ৷
Published by:Himangshu Bhuyan
First published: