পদুলিৰ মুখত হেঁপাহৰ ভোগালী বিহু। অহা বৃহস্পতিবাৰে ভোগালী বিহুৰ উৰুকা। কোৰোণাৰ এনে ভয়াৱহ সময়ৰ মাজতে ৰাজ্যবাসী সাজু হৈছে হেঁপাহৰ ভোগালীক আদৰিবলৈ। আঘোণত খেতি চপাই মাঘৰ উৰুকাত লগে ভাগে একেলগে এসাঁজ খাবলৈ এতিয়া সাজু হৈছে প্ৰতিজন অসমীয়া।
আগন্তুক ভোগালী বিহুৰ বাবে সাজু হৈছে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমো। বৃহত্তৰ গুৱাহাটী মহানগৰীৰ ৰাইজৰ চাহিদা পূৰণৰ বাবে ১৫ হাজাৰ কেজি কুকুৰাৰ মাংস,
৮ - ১০ হাজাৰ কেজি ছাগলীৰ মাংস, ৬ - ৭ হাজাৰ কেজি হাঁহৰ মাংসৰে চাহিদা পূৰণৰ বাবে সাজু হৈছে পশুধন আৰু হাঁহ-কুকুৰা নিগম।
এইবাৰ বিহুৰ উৰুকাত কিমান হ'ব প্ৰতি কেজি মাংসৰ দাম?জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা মূল্য অনুসৰি ছাগলীৰ মাংস প্ৰতি কেজিত ৭০০ টকা,কুকুৰাৰ মাংস প্ৰতি কেজিত ২৪০ টকা, হাঁহৰ মাংস প্ৰতি কেজিত ৬০০ টকা নিৰ্ধাৰণ কৰিছে। পশুধন নিগমৰ আধুনিক কচাই খানাত স্বাস্থ্য সন্মত ভাৱে কটা মাংস ক্ৰয় কৰিব পাৰিব মহানগৰবাসীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|