• Home
  • »
  • News
  • »
  • assam
  • »
  • ৫০ কোটিটকীয়া কেলেংকাৰী! ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ

৫০ কোটিটকীয়া কেলেংকাৰী! ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ

লকডাউনৰ সময়তে বেংকটোৰ পৰা হৰলুকী হৈছিল এই বৃহৎ পৰিমাণৰ ধন৷ নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে দাখিল কৰিছিল এজাহাৰ৷

লকডাউনৰ সময়তে বেংকটোৰ পৰা হৰলুকী হৈছিল এই বৃহৎ পৰিমাণৰ ধন৷ নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে দাখিল কৰিছিল এজাহাৰ৷

লকডাউনৰ সময়তে বেংকটোৰ পৰা হৰলুকী হৈছিল এই বৃহৎ পৰিমাণৰ ধন৷ নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে দাখিল কৰিছিল এজাহাৰ৷

  • Share this:
ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ ৫০ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত পাণবজাৰ আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিলে শুভ্ৰজ্যোতি ভৰালীক৷ কেলেংকাৰী সংঘটিত হোৱা বেংকটোৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী৷ সমগ্ৰ কেলেংকাৰীৰ মূল অভিযুক্ত এইগৰাকী শুভ্ৰজ্যোতি ভৰালী৷ বহুদিনৰ পৰা পলাতক হৈ আছিল অভিযুক্ত শুভ্ৰজ্যোতি ভৰালী৷

লকডাউনৰ সময়তে বেংকটোৰ পৰা হৰলুকী হৈছিল এই বৃহৎ পৰিমাণৰ ধন৷ নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে দাখিল কৰিছিল এজাহাৰ৷ যোৱা ১৫ ছেপ্টেম্বৰত ফাঁচীবজাৰত থকা ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ বিৰুদ্ধে ৫০ কোটি টকা আত্মসাতৰ অভিযোগ আনিছিল নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে ৷ এজাহাৰাত নাম উল্লেখ কৰিছিল ৰাজেশ্বৰ দাস, গণেশ ডেকা, ৰিংকু বৰ্মন, মোহিত চন্দ্ৰ গয়াৰী, নৰেন চন্দ্ৰ মেধী, মুকুল তালুকদাৰ, অনিল চন্দ্ৰ কলিতাৰ৷ পূৰ্বৰ গোচৰত জামিন লাভ কৰিছিল অভিযুক্ত আটাইকেইজনে৷

এই সন্দৰ্ভত বেংকৰ এজন কৰ্মচাৰীয়েও পাণবজাৰ থানাত দাখিল কৰিছিল এজাহাৰ৷ গকুল তালুকদাৰ নামৰ কৰ্মচাৰীজনে দাখিল কৰিছিল দ্বিতীয়টো গোচৰ৷ গোচৰ নম্বৰ ৫৫১/২১ৰ অধীনত গ্ৰেপ্তাৰ হয় শুভ্ৰজ্যোতি ভৰালী৷ গুৱাহাটী উচ্চ ন্যায়ালয়তো গোচৰ আছে শুভ্ৰজ্যোতিৰ বিৰুদ্ধে৷
Published by:Sanjay Kumar Das
First published: