• Home
  • »
  • News
  • »
  • assam
  • »
  • Kidnap Master Mind Arrested : অস্ত্ৰ কাঢ়ি আৰক্ষীলৈ গুলীয়াই পলায়নৰ চেষ্টা। অজিত দাস অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড কৱলদ্বীপ সিং সিদ্ধু আৰক্ষীৰ গুলীত আহত।

Kidnap Master Mind Arrested : অস্ত্ৰ কাঢ়ি আৰক্ষীলৈ গুলীয়াই পলায়নৰ চেষ্টা। অজিত দাস অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড কৱলদ্বীপ সিং সিদ্ধু আৰক্ষীৰ গুলীত আহত।

kanwaldeep singh sidhu

kanwaldeep singh sidhu

কৱলদ্বীপ সিং সিদ্ধুৱে কেতিয়াবা CBI, কেতিয়াবা CIDৰ নাম লৈ অপহৰণকে ধৰি বিভিন্ন অপৰাধমূলক কাম কৰি আহিছিল। কৱলদ্বীপৰ বিৰুদ্ধে বহু থানাত বহু গোচৰ আছে।

  • Share this:
গুৱাহাটীৰ চাঞ্চল্যকৰ অজিত দাস অপহৰণ কাণ্ডৰ মূল খলনায়ক কৱলদ্বীপ সিং সিদ্ধু আৰক্ষীৰ গুলীত গুলীবিদ্ধ। কাৰ্বি আংলঙত সংঘটিত হৈছে এই ঘটনা। ADGP জি পি সিঙে (GP Singh) টুইটযোগে জনালে এই কথা।

আজি কাৰ্বি আংলঙত আৰক্ষীয়ে অপহৰণকাৰীটোক গ্ৰেপ্তাৰ কৰাৰ পাছতে পলায়নৰ চেষ্টা কৰিছিল। গুৱাহাটীলৈ আনি থকা সময়তে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লৈ আৰক্ষীলৈ ফায়াৰিং কৰি পলাবলৈ চেষ্টা কৰিছিল আৰু তেতিয়াই প্ৰত্যুত্তৰত অপহৰকাৰীটোলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে। এই সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে অপহৰণকাৰীটো। বৰ্তমান কৱলদ্বীপ সিং হাস্পতালত আছে।  কাৰ্বি আংলঙৰ দলদলীত সংঘটিত হৈছে এই ঘটনা।



উল্লেখ্য যে এইজন কৱলদ্বীপ সিঙে কেতিয়াবা CBI, কেতিয়াবা CIDৰ নাম লৈ অপহৰণকে ধৰি বিভিন্ন অসামাজিক কাম কৰি আহিছিল বুলি জানিব পৰা গৈছে। কৱলদ্বীপৰ বিৰুদ্ধে বহু থানাত বহু গোচৰ আছে।

উল্লেখ্য যে ৩০ জুনত ব্যৱসায়ী তথা ড্ৰাগছ সৰবৰাহকাৰী অজিত দাসক পল্টন বজাৰৰ কালিবাৰীৰ ঘৰৰ পৰা আৰক্ষীৰ পোছাকত অহা ৫ জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিছিল। আৰক্ষীৰ ছিক্ৰেট মিছনৰ নামত অপহৰণ কৰা হৈছিল অজিত দাসক। অপহৰণৰ সৈতে জড়িত দুজন আৰক্ষী জোৱান, এজন হোমগাৰ্ড আৰু এজন ফাৰ্মাচিষ্ট গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা এইজন কৱলদ্বীপ সিঙৰ সন্ধানত আছিল মহানগৰ আৰক্ষী।
Published by:Manjumoni Borah
First published: