உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মন্দিৰৰ চাকিৰ পৰা অগ্নিকাণ্ড, মালিগাঁৱৰ গোশালাত জুইত জাহ গ'ল বাসগৃহ

    মন্দিৰৰ চাকিৰ পৰা অগ্নিকাণ্ড, মালিগাঁৱৰ গোশালাত জুইত জাহ গ'ল বাসগৃহ

    জুইত সম্পূৰ্ণৰূপে জাহ গ'ল এটা বাসগৃহসহ কেইবালক্ষাধিক টকাৰ সা-সামগ্ৰী

    জুইত সম্পূৰ্ণৰূপে জাহ গ'ল এটা বাসগৃহসহ কেইবালক্ষাধিক টকাৰ সা-সামগ্ৰী

    জুইত সম্পূৰ্ণৰূপে জাহ গ'ল এটা বাসগৃহসহ কেইবালক্ষাধিক টকাৰ সা-সামগ্ৰী

    • Share this:



    আজি গুৱাহাটী মহানগৰীৰ মালিগাঁৱত বৃহৎ অঘটন সংঘটিত হয়। সন্ধিয়া মালিগাঁৱৰ গোশালাৰ কৃষ্ণনগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ'ল পাহাৰৰ ওপৰত থকা কিশোৰ দাস নামৰ এজন লোকৰ বাসগৃহ।


    ঘৰত থকা মন্দিৰৰ চাকিৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ গৰাকী কিশোৰ দাসৰ। পৰৱৰ্তী সময়ত সেই জুইত বিস্ফোৰণ ঘটে তেওঁলোকৰ ঘৰৰ চিলিণ্ডাৰৰ। ইফালে, এই অগ্নিকাণ্ডৰ খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় জৰুৰী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন।


    অগ্নি নিৰ্বাপক বাহিনীৰ লোকে অতি তৎপৰতাৰে জুই নিয়ন্ত্ৰণ কৰে। আনহাতে এই অগ্নিকাণ্ডত লোকজনৰ কেইবালাখ টকাৰ সা-সামগ্ৰী আৰু বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ভস্মীভূত হয়।

    Published by:Gautam Barman
    First published: