• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ পৰা ৰহস্যজনকভাৱে অপহৃত যুৱকক কোকৰাঝাৰত উদ্ধাৰ, নিজেই গৈ উপস্থিত হ’ল থানাত

গুৱাহাটীৰ পৰা ৰহস্যজনকভাৱে অপহৃত যুৱকক কোকৰাঝাৰত উদ্ধাৰ, নিজেই গৈ উপস্থিত হ’ল থানাত

বগৰীবাৰী আৰক্ষীয়ে দিছপুৰ আৰক্ষীক খবৰ দিয়াত নিশাই গৈ  দিছপুৰ আৰক্ষী দীনদয়াল সিঙক লৈ আনে গুৱাহাটীলৈ।

বগৰীবাৰী আৰক্ষীয়ে দিছপুৰ আৰক্ষীক খবৰ দিয়াত নিশাই গৈ  দিছপুৰ আৰক্ষী দীনদয়াল সিঙক লৈ আনে গুৱাহাটীলৈ।

বগৰীবাৰী আৰক্ষীয়ে দিছপুৰ আৰক্ষীক খবৰ দিয়াত নিশাই গৈ  দিছপুৰ আৰক্ষী দীনদয়াল সিঙক লৈ আনে গুৱাহাটীলৈ।

  • Share this:
এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত দীনদয়াল সিঙে শনিবাৰে পুৱা প্ৰাতঃভ্ৰমণলৈ বুলি ওলাই আহিছিল চচলত থকা সাইবাবা মন্দিৰৰ পথত৷ প্ৰাতঃভ্ৰমণলৈ ওলাই অহাৰ পিছৰে পৰাই হঠাৎ ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট হৈছিল দীনদয়াল৷ যোগাযোগৰ চেষ্টা কৰিও পৰিয়ালে কোনো ধৰণৰ যোগাযোগ কৰিব নোৱাৰাত দিছপুৰ আৰক্ষীৰ কাষ চাপিছিল৷ কিন্তু হঠাৎ দেওবাৰে দুপৰীয়া কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানাত গৈ নিজে উপস্থিত হৈছিল দীনদয়াল সিং৷ বগৰীবাৰী থানাত উপস্থিত হৈ সকলো কথা আৰক্ষীৰ আগত অৱগত কৰিছিল দীনদয়ালে৷ লগে লগে বগৰীবাৰী আৰক্ষীয়ে দিছপুৰ আৰক্ষীক খবৰ দিয়াত নিশাই গৈ  দিছপুৰ আৰক্ষী দীনদয়াল সিঙক লৈ আনে গুৱাহাটীলৈ।

দীনদয়ালৰ মতে, এখন বগা ৰঙৰ এল্ট’ বাহনত ৪যুৱকে অপহৰণ কৰি লৈ গৈছিল তেওঁক৷ প্ৰথমে ৪ যুৱকে দীনদয়ালক বৰবাৰী কোন দিশে যাই বুলি শুধিছিল আৰু তাৰ পিছতে অচেতন হৈ পৰিছিল দীনদয়াল৷ সংজ্ঞা ঘূৰি অহা মানে দীনদয়াল আছিল বাহনখনৰ ভিতৰতে৷

অৱশেষত চেক বুজি দীনদয়ালে অপহৰণকাৰীৰ কবলৰ পৰা পলাই কাষ চাপিছিল আৰক্ষীৰ৷ কিন্তু কিয় অপহৰণ কৰা হ’ল দীনদয়ালক? অপহৰণৰ ২৪ ঘণ্টাৰ পিছতো পৰিয়াললৈ নাহিল কোনো ধনদাবী। তাৰ অনুসন্ধানত নামিছে আৰক্ষী৷ কিন্তু ৰহস্যজনভাৱে  দীনদয়ালৰ দুই হাতত আছে আঘাতৰ চিন৷ সমগ্ৰ অপহৰণ কাণ্ডটোত যেন এতিয়া আৰক্ষীয়ে পাইছে ৰহস্যৰ গোন্ধ৷ যাৰ বাবে উদ্ধাৰৰ পিছত এতিয়া দীনদয়াল সিঙক সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
Published by:Sanjay Kumar Das
First published: