• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীত হাতী–মানুহৰ সংঘাত, হাতীৰ আক্ৰমণত নিহত এজন লোক

মহানগৰীত হাতী–মানুহৰ সংঘাত, হাতীৰ আক্ৰমণত নিহত এজন লোক

হাতীয়ে লোকজনৰ চাইকেলখনো ভাঙি চূৰমাৰ কৰে। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

হাতীয়ে লোকজনৰ চাইকেলখনো ভাঙি চূৰমাৰ কৰে। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

হাতীয়ে লোকজনৰ চাইকেলখনো ভাঙি চূৰমাৰ কৰে। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

  • Share this:
গুৱাহাটী মহানগৰীত হাতী–মানুহৰ সংঘাত। হাতীৰ আক্ৰমণত নিহত হ’ল এজন ষাঠিৰোৰ্ধ্বৰ লোক। মহানগৰীৰ লালুংগাঁৱৰ সংঘটিত সুৰেন পাটৰ নাম লোকজনে আনদিনাৰ দৰে পুৱা ৭ বজাত ওলাই গৈছিল কামলৈ। চাইকেলেৰে কৰ্মস্থলীলৈ গৈ থকাৰ সময়তে গাৰোঘুলিত মুখামুখি হয় বন্যহস্তীৰ। হাতীৰ আক্ৰমণত মৃত্যু হয় লোকজনৰ।

হাতীয়ে লোকজনৰ চাইকেলখনো ভাঙি চূৰমাৰ কৰে। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে নিশা গড়ভঙা বনাঞ্চলৰ পৰা দুটা বনৰীয়া হাতী নামি আহি বিচৰণ কৰি আছিল সেই স্থানত।
Published by:Sanjay Kumar Das
First published: