NHPC|Lower Subansiri Dam: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদনৰ ফলত অসমৰ ৰাইজ উপকৃত হ'ব বুলি কয় শক্তি মন্ত্ৰী বিমল বৰাই।
NHPC|Lower Subansiri Dam: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদনৰ ফলত অসমৰ ৰাইজ উপকৃত হ'ব বুলি কয় শক্তি মন্ত্ৰী বিমল বৰাই।
এমাহৰ ভিতৰত অসমৰ ১০০% বাসগৃহত বিদ্যুৎ সংযোগ হ'ব। NEWS18ৰ সম্মূখত এই মন্তব্য শক্তি মন্ত্ৰী বিমল বৰা (Power Minister Bimal Bora)ৰ। শক্তি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধ (Lower Subansiri Big Dam)ৰ উৎপাদনো শীঘ্ৰে আৰম্ভ হ'ব।
অসমত ৪ লাখ ৮০ হাজাৰ লোকৰ ঘৰত এতিয়াও বিদ্যুৎ সংযোগ (Electricity Connection) নাই। এমাহৰ ভিতৰত অসমৰ সকলো ঘৰতে বিদ্যুৎ সংযোগ হ'ব। ১০০% বাসগৃহত বিদ্যুৎ সংযোগ থকা ৰাজ্যত পৰিণত হ'ব অসম। এই মন্তব্য শক্তি মন্ত্ৰী বিমল বৰাৰ। শক্তি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে অসমৰ প্ৰতিঘৰ লোকৰ ঘৰত অতি কমেও চাৰে ২৩ ঘণ্টা বিজুলী যোগান ধৰিব চৰকাৰে।
একেদৰে বিল লোৱা আৰু বিল (ELectricity Bill) দিয়া ব্যৱস্থাৰো অচিৰে বিলুপ্তি ঘটিব অসমত। কাৰণ সমগ্ৰ ৰাজ্যতে স্মাৰ্ট মিটাৰ সংযোগ কৰিব চৰকাৰে। পুৰণি মিটাৰৰ ঠাইত ই-মিটাৰ (E-Meter) ব্যৱহাৰ কৰিব লাগিব সকলোৱে। যাৰ ফলত বিদ্যুতৰ মাচুল পৰিশোধৰ ক্ষেত্ৰত সমস্যাৰ সম্মূখীন নহ'ব গ্ৰাহক।
ইপিনে দেশ আগবাঢ়িবলৈ হ'লে নদীবান্ধ (Big Dam) লাগিবই বুলি কয় শক্তি মন্ত্ৰী বিমল বৰাই। নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ উৎপাদন শীঘ্ৰে আৰম্ভ হ'ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (Lower Subansiri Hydroelectric Power Project)ৰ উৎপাদনৰ ফলত অসমৰ ৰাইজ উপকৃত হ'ব বুলি কয় শক্তি মন্ত্ৰী বিমল বৰাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|