உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Lovlina Borgohain DSP : লাভলিনা বৰগোহাঁইক DSP পদত নিযুক্তি, মুখ্যমন্ত্ৰীৰ উপস্থিতিত যোগদান আৰক্ষীত

    Lovlina Borgohain DSP : লাভলিনা বৰগোহাঁইক DSP পদত নিযুক্তি, মুখ্যমন্ত্ৰীৰ উপস্থিতিত যোগদান আৰক্ষীত

    Lovlina Borhohain

    Lovlina Borhohain

    Lovlina Borgohain DSP : জনতা ভৱনত আয়োজিত এক কাৰ্যসূচীত DSP পদত যোগ দিয়ে লাভলিনা বৰগোহাঁইয়ে।

    • Share this:
    অসম আৰক্ষীৰ DSP পদত যোগদান কৰিলে অসমৰ গৌৰৱ, টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁই (Lovlina Borgohain)য়ে। আজি জনতা ভৱনত আয়োজিত এক কাৰ্যসূচীত DSP পদত যোগ দিয়ে লাভলিনা বৰগোহাঁইয়ে। মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ উপস্থিতিত লাভলিনাক প্ৰদান কৰা হয় এই সন্মান।

    উল্লেখ্য যে লাভলিনা বৰগোহাঁই হৈছে অলিম্পিকত পদক জয় কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। টকিঅ' অলিম্পিকত বক্সাৰ লাভলিনাই ব্ৰঞ্জৰ পদক জয় কৰি অসমৰ ক্ৰীড়া ইতিহাসত ৰচনা কৰিছিল নতুন অধ্যায়ৰ।

    লাভলিনাৰ পূৰ্বে ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ধিংঅক্সপ্ৰেছ ৰূপে খ্যাত দৌৰবিদ হিমা দাসকো DSP পদত নিযুক্ত কৰি সন্মান যঁচা হৈছিল।

    DSP পদত যোগদান কৰি লাভলিনাই কয়, "অসমৰ খেলৰ উন্নতিৰ কাৰণে চেষ্টা কৰিম। খেলুৱৈসকলক লক্ষ্যত উপনীত কৰাৰ চেষ্টা কৰিম। অসম আৰক্ষীৰ খেলুৱৈসকলক লগত লৈ আগবাঢ়ি যাম।"

    DGP ভস্কৰ জ্যোতি মহন্তই কয় যে লাভলিনাৰ পূৰ্বে হিমা দাসক ডিএছপি পদ দিয়া হৈছিল।খেলৰ পৰা আজৰি হ'লে অসম আৰক্ষীৰ লোকসকলক খেলৰ প্ৰতি অনুপ্ৰাণিত কৰিব হিমা আৰু লাভলিনাই।

    আনহাতে মুখ্য সচিব জিষ্ণু বৰুৱাই কয় যাতে আৰু দহ বছৰলৈ কেৱল খেলৰ প্ৰতিয়েই মনোনিবেশ দিয়ে লাভলিনাই। তাৰ পিছতহে পুলিচৰ চাকৰিত মন দিয়ক। লাভলিনাই ভবিষ্যতে IGP পদলৈও উন্নীত হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰে মুখ্য সচিবগৰাকীয়ে।
    Published by:Manjumoni Borah
    First published: