• Home
  • »
  • News
  • »
  • assam
  • »
  • Lovlina Next Match at Tokyo Olympics : ছেমি ফাইনেলত লাভলিনা মুখামুখি হ'ব তুৰ্কীৰ বুছেনাজৰ, জানি লওক কোন কিমান শক্তিশালী!

Lovlina Next Match at Tokyo Olympics : ছেমি ফাইনেলত লাভলিনা মুখামুখি হ'ব তুৰ্কীৰ বুছেনাজৰ, জানি লওক কোন কিমান শক্তিশালী!

Lovlina Vs Busenaz

Lovlina Vs Busenaz

ছেমিত লাভলীনা (Lovlina Borgohain)ৰ বিপক্ষে থাকিব তুৰ্কী (Turky)ৰ খেলুৱৈ বুছেনাজ ছাৰমেনেলি (Busenaz Surmeneli)। ৪ আগষ্টত দিনৰ ১১ বজাত হ'ব ছেমিফাইনেল খেলখন।

  • Share this:
ইতিহাস ৰচি টকিঅ' অলিম্পিক (Tokyo Olympics 2020)ৰ ছেমিফাইনেলত প্ৰবেশ কৰা অসম গৌৰৱ বক্সাৰ লাভলীনা বৰগোহাঁই (Lovlina Borgohain)ৰ পৰা এতিয়া সোণৰ পদক আশা কৰিছে সমগ্ৰ দেশবাসীয়ে।

৪ আগষ্টত হ'ব ছেমি ফাইনেল খেল। দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব ছেমিফাইনেল খেলখন।

বিশ্বৰ দুই নম্বৰ ৰেংকিঙৰ খেলুৱৈ চাইনীজ টাইপেইৰ বক্সাৰ নিয়েন চিন চেনক ৪-১ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে অসম কন্যা লাভলীনাই।

ছেমিত লাভলীনাৰ বিপক্ষে থাকিব তুৰ্কী (Turky)ৰ খেলুৱৈ বুছেনাজ ছাৰমেনেলি (Busenaz Surmeneli)। বুছেনাজে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰিছে ইউক্ৰেইনৰ আন্না লিছেংকোক। লিছেংকোক ৫-০ পইণ্টৰ ব্য়ৱধানত পৰাস্ত কৰিছে বুছেনাজে।

প্ৰতিপক্ষ বুছেনাজ ছাৰমেনেলি হৈছে ৫ ফুট ৭ ইঞ্চি উচ্চতাৰ তুৰ্কিছ খেলুৱৈ। বুছেনাজে ২০১৯ চনত ৰাছিয়াত উলান উড়েত আয়োজিত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰিছিল। ইউৰোপিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। লক্ষণীয় কথাতো হৈছে টকিঅ' অলিম্পিকৰ দুয়োখন খেলতে বুছেনাজে প্ৰতিপক্ষক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰিছে। অৰ্থাৎ প্ৰতিপক্ষক এক পইণ্ট লোৱাৰো সুযোগ দিয়া নাই বুছেনাজে। কেৰিয়াৰৰ ২১খন খেলৰ ভিতৰত ১৬ খনতে জয়লাভ কৰা আৰু মাত্ৰ ৫ খনত পৰাজিত হোৱা বুছেনাজৰ ৰেকৰ্ড যথেষ্ট শক্তিশালী।

আনহাতে ৫ ফুট ১০ ইঞ্চি উচ্চতাৰ লাভলীনা বৰগোহাঁই হৈছে বিশ্বৰ তৃতীয় স্থানৰ খেলুৱৈ। উলান উড়েত য'ত বুছেনাজে সোণৰ পদক জয় কৰিছিল তাত লাভলীনাই জয় কৰিছিল ব্ৰঞ্জৰ পদক। লাভলীনাই এতিয়ালৈ এটাও সোণৰ পদক জয় কৰা নাই। বিশ্ব চেম্পিয়নশ্বিপত লাভলীনাই এতিয়ালৈ দুটা ব্ৰঞ্জৰ পদক জয় কৰিছে আৰু এছিয়ান চেম্পিয়নশ্বিপত দুটা ব্ৰঞ্জৰ পদক।

উল্লেখ্য যে নিয়েন চেনৰ হাতত পূৰ্বৰ আটাইকেইখন খেলতেই পৰাস্ত হৈছিল লাভলীনা। সেই দিশেৰে সকলোৱে নিয়েন চেনৰ বিজয় নিশ্চিত বুলিয়েই ধৰি লৈছিল। কিন্তু লাভলীনাৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে নিয়েন চেনে। এনে পৰিস্থিতিত লাভলীনাক লৈ যথেষ্ট চাপত আৰু শংকিত হৈ থাকিব বুছেনাজ।

নিশ্চিতভাৱেই সন্মুখত থকা প্ৰতিপক্ষ শক্তিশালী যদিও এইবাৰ অঘটন ঘটাবলৈকে যেন আৱিৰ্ভাৱ হৈছে লাভলীনাৰ। আজিলৈ এটাও সোণৰ পদক জয় নকৰা লাভলীনাই এইবাৰ স্বৰ্ণ জয়ৰ লক্ষৰেই নামিছে অলিম্পিকত। স্বৰ্ণৰ ক্ষুধাই লাভলীনাক অলিম্পিকত কৰি তুলিছে অপ্ৰতিৰোধ্য। লাভলীনাৰ ছেমিফাইনেলৰ বাবে এতিয়া অসমবাসীয়ে দেশবাসীয়ে কৰিছে প্ৰাৰ্থনা।
Published by:Manjumoni Borah
First published: