লাভলীনা-জুবিন (Lovlina borgohain-Zubeen Garg)ৰ এই গীতটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু উঠি অহা খেলুৱৈসকল যাতে উৎসাহিত হ'ব পাৰে।
লাভলীনা-জুবিন (Lovlina borgohain-Zubeen Garg)ৰ এই গীতটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু উঠি অহা খেলুৱৈসকল যাতে উৎসাহিত হ'ব পাৰে।
ঘৰৰ মাটিত সাংঘাতিক ভাৱে ব্যস্ত দেশৰ গৌৰৱ জাতিৰ সম্পদ লাভলীনা বৰগোহাঁই (Lovlina Borgohain)। কেতিয়াবা যদি সম্বৰ্ধনা লৈছে কেতিয়াবা আকৌ খেলৰ উন্নয়নৰ বাবে আলোচনাত মিলিত হৈছে। তাৰ মাজতে সোমবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ'ল লাভলীনা বৰগোঁহাইক।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ইণ্ড'ৰ ষ্টেডিয়ামত সোমবাৰে একেলগে এটা গীতৰ ছুটিঙত অংশ ল'লে অলিম্পিকৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু যুৱ প্ৰজম্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গ (Zubeen Garg)এ। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধিনৰ সমগ্ৰ শিক্ষাৰ জৰিয়তে এটা সৰু ভিডিঅ' প্ৰস্তুত কৰা হৈছে। য'ত কণ্ঠদান কৰিছে জুবিন গাৰ্গে আৰু অভিনয় কৰিছে লাভলীনা বৰগোহাঁইয়ে।
এই গীতটো শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীক খেলৰ প্ৰতি আগ্ৰহী কৰাৰ বাবে জিলা পৰিদৰ্শকৰ যোগেদি সমগ্ৰ ৰাজ্যতে প্ৰচলন কৰিব। যাতে লাভলীনা-জুবিনৰ এই গীতটোৰ জৰিয়তে আমাৰ উঠি অহা খেলুৱৈ সকল উপকৃত হ'ব পাৰে। চৰকাৰৰ এই পদক্ষেপৰ বাবে লাভলীনা আৰু জুবিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক অভিনন্দন জনায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|