உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Lovlina Borgohain : লাভলিনাৰ নামত গুৱাহাটীত হ'ব এটা পথ, মুখ্যমন্ত্ৰীৰ ঘোষণা, IPS ৰেংকলৈও উধাব পাৰিব লাভলিনাই

    Lovlina Borgohain : লাভলিনাৰ নামত গুৱাহাটীত হ'ব এটা পথ, মুখ্যমন্ত্ৰীৰ ঘোষণা, IPS ৰেংকলৈও উধাব পাৰিব লাভলিনাই

    DSP পদত নিযুক্ত লাভলিনা বৰগোহাঁই

    DSP পদত নিযুক্ত লাভলিনা বৰগোহাঁই

    Lovlina Borgohain : লাভলিনা বৰগোহাঁই (Lovlina Borgohain)ক অসম আৰক্ষীৰ DSP পদত নিযুক্তি দি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ঘোষণা কৰে যে অচিৰেই গুৱাহাটীৰ এটা পথ লাভলিনাৰ নামত নামাকৰণ কৰা হ'ব।

    • Share this:
    অলিম্পিকৰ পদক জয়ী বক্সাৰ লাভলিনা বৰগোহাঁই (Lovlina Borgohain)ক অসম আৰক্ষীৰ DSP পদত নিযুক্তি দি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ঘোষণা কৰে যে অচিৰেই গুৱাহাটীৰ এটা পথ লাভলিনাৰ নামত নামাকৰণ কৰা হ'ব।

    নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, "এনে গৌৰৱৰ ক্ষণ অসমবাসীয়ে খুব কমেইহে পাবলৈ সক্ষম হৈছিল। লাভলিনাক অসম আৰক্ষী পৰিয়ালৈ স্বাগতম জনাইছোঁ। অসম আৰক্ষীক আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিব লাভলিনাই। ক্ৰীড়া নীতি অনুসৰি লাভলীনাক 21 বেটচত অন্তৰ্ভূক্ত কৰিছে। তেওঁৰ বয়স কম হোৱাৰ বাবে অসম আৰক্ষীৰ উচ্চ পদলৈ যাব পাৰিব।ডিগ্ৰী উত্তীৰ্ণ কৰি ল'লে আই পি এছলৈ যোৱাৰো সম্ভাৱনা আছে। 21 বেটছত কম সংখ্যক লোকেহে এনে পদত নিযুক্তি লাভ কৰিছে। "

    মুখ্যমন্ত্ৰীয়ে আকৌ কয়, " যোৱা আঠ মাহত অসম আৰক্ষীয়ে ৰাইজৰ লগত থাকি কাম কৰি আহিছে। অসম চৰকাৰৰ খালী পদ সমূহত ৰাজ্য অথবা দেশৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা বা পদক লাভ কৰা সকলক নীতি অনুসৰি আমি নিযুক্তি প্ৰদান কৰিম। শিক্ষাৰ লগতে ক্ৰীড়াতো আমি আগবাঢ়ি যাব লাগিব। পঢ়াৰ নিচিনাকৈ খেলৰ জৰিয়তে জীৱনটো আগুৱাই নিব পাৰি। ক্ৰীড়াৰ প্ৰতি থকা অৱহেলাৰ দৃষ্টিভঙ্গী নাইকীয়া কৰিব লাগিব।"

    হতাশাগ্ৰস্ত মনৰ পৰা যুৱ প্ৰজন্মক উলিয়াই অনাৰ বাবে ক্ৰীড়াই হৈছে উত্তম মাধ্যম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে  অসমত প্ৰতিখন জিলাত এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। আঠখন জিলাত ৫০০ কোটি টকা অনুদান আগবঢ়োৱা হৈছে। প্ৰত্যকখন থানাত একোটা ফুটবল আৰু ভলীবল দল হ'ব।

    ইমানেই নহয় অসমৰ খেলুৱৈসকলে যাতে প্ৰশিক্ষণৰ বাবে সদায় পাটিয়ালালৈ যাব নালাগে তাৰ বাবে পাটিয়ালাত নাথাকি অসমত থাকি প্ৰশিক্ষণ লোৱাৰ বাবে অন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক অনাৰ বাবে চৰকাৰে চেষ্টা কৰিব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
    Published by:Manjumoni Borah
    First published: