গুৱাহাটীত সম্পূৰ্ণ ল’ক ডাউন, গুৱাহাটীৰ বাহিৰলৈ যাবলৈ বাছ ক'ত পাব?

News18 Assam | News18-Assam
Updated:June 28, 2020, 10:57 PM IST
গুৱাহাটীত সম্পূৰ্ণ ল’ক ডাউন, গুৱাহাটীৰ বাহিৰলৈ যাবলৈ বাছ ক'ত পাব?
Source-Google

দেওবাৰে নিশা ১২ বজাৰ পৰা ১৪ দিনৰ বাবে আৰম্ভ হ'ল পূৰ্ণাংগ ল’ক ডাউন

  • Share this:
দেওবাৰে নিশা ১২ বজাৰ পৰা ১৪ দিনৰ বাবে আৰম্ভ হ’ব গুৱাহাটীত পূৰ্ণাংগ ল’ক ডাউন ৷ গুৱাহাটীত চিকিৎসা সেৱা আৰু জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ থাকিব ৷ নিষিদ্ধ সকলো ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বাহনৰ চলাচল ৷ কিন্তু ইয়াৰ মাজতে অসম ৰাজ্যিক পৰিবহণ নিগমক বিশেষ নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

এক নিৰ্দেশনা জাৰি কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয়, ‘যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ (মেট্রো) জিলাৰ ASTC বাছ সেৱা সমূহ মহানগৰীৰ বিভিন্ন পিক আপ্ পইন্টৰ পৰা বিমানবন্দৰ তথা ৰে’ল ষ্টেচনলৈ চলোৱাৰ ব্যৱস্থা কৰা হৈছে । এই হিচাপত ২২ খন আৰক্ষী থানা আৰু আৰক্ষী চকীত ASTC বাছৰ পিক্ আপ পইণ্ট হিচাপে ঘোষণা কৰা হৈছে ৷”

ASTC বাছৰ পিক্ আপ পইণ্ট হিচাপে ঘোষণা কৰা আৰক্ষী থানা আৰু আৰক্ষী চকীবোৰ ক্ৰমে- ১)দিছপুৰ আৰক্ষী থানা, ২) নুনমাটি আৰক্ষী থানা, ৩) পাণবজাৰ আৰক্ষী থানা, ৪) লতাশিল আৰক্ষী থানা, ৫) পল্টন বজাৰ আৰক্ষী থানা, ৬) ভৰলুমুখ আৰক্ষী থানা, ৭) গীতানগৰ আৰক্ষী থানা, ৮) জালুকবাৰী আৰক্ষী থানা, ৯) বশিষ্ঠ আৰক্ষী থানা, ১০) ফটাশিল আমবাৰী আৰক্ষী থানা, ১১) হাতীগাঁও আৰক্ষী থানা, ১২) গড়চুক আৰক্ষী থানা, ১৩) ভঙাগড় আৰক্ষী থানা, ১৪) সাতগাঁও আৰক্ষী থানা, ১৫) চান্দমাৰী আৰক্ষী থানা, ১৬) ফাঁচী বজাৰ আৰক্ষী চকী, ১৭) মালিগাঁও আৰক্ষী চকী, ১৮)উদালবাকৰা আৰক্ষী চকী, ১৯) বিৰুবাৰী আৰক্ষী চকী, ২০) যোৰাবাট আৰক্ষী চকী, ২১) ISBT আৰক্ষী চকী আৰু ২২) পানীখাইতি আৰক্ষী চকী ৷

এই বাইশখন আৰক্ষী থানা আৰু চকীৰ পৰা ASTCৰ বাছসমূহ ৰাতিপুৱা পাঁচ বজাত, সাত বজাত, ৯ বজাত, ১১ বজাত, ১ বজাত, ৩ বজাত, ৫ বজাত আৰু সন্ধিয়া ৭ বজালৈ চলাচল কৰিব ।

“গুৱাহাটী মহানগৰীৰ যিকোনো বাসিন্দাই যদি আকাশমাৰ্গেৰে তথা ৰে’ল সেৱাৰে যাত্ৰা কৰিব বিচাৰে, তেন্তে বিমানবন্দৰলৈ আৰু ৰে’ল ষ্টেচনলৈ যাবৰ বাবে এই লিংকত ৰেজিষ্টাৰ কৰিব পাৰে- http://assamtransportrelief.in/ ৷

লগতে গুৱাহাটীবাসীয়ে, 6026900637 Whatsapp নম্বৰৰ জৰিয়তেও ৰেজিষ্টাৰৰ সন্দৰ্ভত যোগাযোগ কৰিব পাৰে ৷ এইক্ষেত্ৰত যোগাযোগৰ নম্বৰসমূহ হ'ল ক্ৰমে - 6026900969, 6026900638, 6026900970, 6026900639, 6026900971, 6026900966, 6026900972, 6026900967, 6026900973, 6026900968 আৰু 6026900976,” জনালে পৰিবহণ মন্ত্ৰী পাটোৱাৰীয়ে ৷

মন্ত্ৰী পাটোৱাৰীয়ে লগতে ক'লে, ‘এই হেল্পলাইন সেৱাসমূহ দিনৰ ১০ বজাৰ পৰা নিশা ১০ বজালৈ মুকলি থাকিব। ৰেজিষ্ট্ৰেচন সমূহ যিকোনো যাত্ৰাৰ ২৪ ঘণ্টা আগতীয়াকৈ কৰাটো অনিবার্য লগতে সম্পূর্ণ তথ্য তথা যেনে যাত্ৰীগৰাকীৰ সম্পূর্ণ নাম, মোবাইল নম্বৰ, পিক আপ পইন্টৰ নাম, ফ্লাইট/ৰেল নম্বৰ, ফ্লাইট আৰু ৰে’লৰ এৰা সময় আৰু তাৰিখ, PNR কোড নম্বৰ যোগান ধৰিব লাগিব ৷ যাত্ৰীসকলে ASTC বাছৰ সেৱা গ্ৰহণৰ আগমুহূৰ্তত ৰে’ল আৰু ফ্লাইটৰ টিকট দেখুৱাতো বাধ্যতামূলক।’

‘যিসকল বাসিন্দাই ব্যক্তিগত আৰু ভাড়াতীয় গাড়ী বিমান বন্দৰ আৰু ৰে’ল ষ্টেচনলৈ  পিকআপ্ আৰু ড্ৰপৰ বাবে ব্যবহাৰ কৰিব বিচাৰে তেওঁলোকে ৰেজিষ্টাৰ কৰিব নালাগে । কিন্তু, গাড়ীৰ ড্ৰাইভাৰে পিক আপ্ বা ড্ৰপ কৰোতে লগত যাত্রীৰ ফ্লাইট বা ৰে’লৰ টিকট ৰাখিব লাগিব,” স্পষ্ট কৰি দিয়ে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
First published: June 28, 2020, 10:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading