• Home
  • »
  • News
  • »
  • assam
  • »
  • আনক সহায় কৰি আজি অসহায় লিটন মজুমদাৰ, ধীৰেনপাৰাত ডকাইতে গুলীয়াইছিল লিটনক

আনক সহায় কৰি আজি অসহায় লিটন মজুমদাৰ, ধীৰেনপাৰাত ডকাইতে গুলীয়াইছিল লিটনক

৫ অক্টোবৰৰ বিয়লি ধীৰেনপাৰাত গৌতম পাল নামৰ এজন ব্যক্তিৰ পৰিয়ালক পণবন্ধী কৰি ৬ ডকাইতে সংঘটিত কৰিছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷

৫ অক্টোবৰৰ বিয়লি ধীৰেনপাৰাত গৌতম পাল নামৰ এজন ব্যক্তিৰ পৰিয়ালক পণবন্ধী কৰি ৬ ডকাইতে সংঘটিত কৰিছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷

৫ অক্টোবৰৰ বিয়লি ধীৰেনপাৰাত গৌতম পাল নামৰ এজন ব্যক্তিৰ পৰিয়ালক পণবন্ধী কৰি ৬ ডকাইতে সংঘটিত কৰিছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷

  • Share this:
লিটন মজুমদাৰ এজন সাহসী ব্যক্তি৷ পেছাত এজন গাড়ী চালক৷ দুই সন্তান আৰু পত্নীসহ এখন সুখৰ সংসাৰ আছিল এইগৰাকী লিটন মজুমদাৰৰ৷ কন্যা ৮ম শ্ৰেণীত আৰু পুত্ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত৷ কিন্তু হঠাৎ লিটনৰ জীৱনলৈ নামি আহিল অমানিশা৷

৫ অক্টোবৰৰ বিয়লি ধীৰেনপাৰাত গৌতম পাল নামৰ এজন ব্যক্তিৰ পৰিয়ালক পণবন্ধী কৰি ৬ ডকাইতে সংঘটিত কৰিছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ ডকাইতি সংঘটিত কৰিয়ে বৰ্ষাপাৰা ষ্টেডিয়াম অভিমুখে পলাই আহোতে দুই ডকাইতৰ মুখামুখি হৈছিল লিটন মজুমদাৰ৷ ৰিক্সাত অহা দুই ডকাইতক ধৰিব লওঁতেই এটা ডকাইতে গুলীয়াই দিছিল লিটন মজুমদাৰক৷

ডকাইতৰ গুলীত পথৰ ওপৰতে ঢলি পৰা লিটনক লগে লগে লৈ যোৱা হৈছিল GMCHলৈ৷ GMCHৰ পৰা দীৰ্ঘদিনৰ চিকিৎসাৰ অন্তত ঘৰলৈ উভতি আহে যদিও এতিয়াও সম্পূৰ্ণ সুস্থ নহয় লিটন মজুমদাৰ৷ যাৰ বাবে কৰ্মস্থলীলৈ যাব পাৰা নাই লিটন৷ অৰ্থৰ গভীৰ সংকটে দেখা দিছে লিটনৰ পৰিয়ালত৷ জমা থকা ধনেৰে এতিয়া কিনিব লগা হৈছে ঔষধ৷

দুৰ্ভাগ্যৰ বিষয় যে যাৰ বাবে লিটন মজুমদাৰে ডকাইতৰ দলটোক ৰখাবলৈ গৈ গুলীবৃদ্ধ হ’বলগীয়া হ’ল সেই পৰিয়ালটোৱে আজিলৈ এবাৰ লিটনৰ খবৰ ল’বলৈ আহৰি নাপালে৷ গাড়ীৰ চকা নুঘূৰিলে জীৱন নচলা লিটন মজুমদাৰ এতিয়া অসহায়। সেয়ে চৰকাৰলৈ সহায় বিচাৰি  লিটনে জনালে অনুৰোধ৷
Published by:Sanjay Kumar Das
First published: