உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Leopard in City : মহানগৰীত পুনৰ নাহৰফুটুকীৰ মুক্ত বিচৰণ, শান্তিপুৰত আতংক

    Leopard in City : মহানগৰীত পুনৰ নাহৰফুটুকীৰ মুক্ত বিচৰণ, শান্তিপুৰত আতংক

    মহানগৰীত নাহৰফুটুকীৰ মুক্ত বিচৰণ

    মহানগৰীত নাহৰফুটুকীৰ মুক্ত বিচৰণ

    Leopard in City : নিশা গুৱাহাটীৰ শান্তিপুৰৰ PNGB পথৰ এঘৰৰ চৌহদত সোমাল এটা প্ৰকাণ্ড নাহৰফুটুকী

    • Share this:
    গুৱাহাটী (Guwahati) মহানগৰীত পুনৰ পোহৰলৈ আহিছে নাহৰফুটুকী (Leopard)ৰ মুক্ত বিচৰণৰ চাঞ্চল্যকৰ ঘটনা। এইবাৰ প্ৰকাণ্ড নাহৰফুটুকীয়ে মুকলিকৈ বিচৰণ কৰিছে মহানগৰীৰ শান্তিপুৰ অঞ্চলত। নাহৰফুটুকীৰ মুকলি বিচৰণ যেন এতিয়া মহানগৰীত এক সুলভ দৃশ্য হৈ পৰিছে।

    জানিব পৰা মতে দেওবাৰে নিশা শান্তিপুৰৰ PNGB পথৰ হাউছ নং ৩ৰ চৌহদত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে প্ৰৱেশ কৰে। কিছু সময় ঘৰটোৰ চৌহদত কটোৱাৰ পাছত পুনৰ বাউণ্ডেৰী ৱাল পাৰ কৰি বাঘটোৱে সেই ঠাই ত্যাগ কৰে। নাহৰফুটুকীটোৱে এইদৰে মুকলিকৈ বিচৰণ কৰা সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল ঘৰটোৰ CCTV কেমেৰাত। এই ঘটনাৰ পাছতেই সন্ত্ৰস্ত হৈ পৰিছে ঘৰটোৰ গৰাকী, তেওঁৰ পৰিয়ালসহ আন আন ওচৰ চুবুৰীয়াসকল।

    উল্লেখ্য যে ঘৰটোৰ গৰাকীয়ে জনোৱা অনুসৰি শেহতীয়াকৈ এন্ধাৰ হোৱাৰ পাছতেই অঞ্চলটোত নাহৰফুটুকী (Leopard)য়ে খাদ্যৰ সন্ধানত এনেদৰে মুকলি বিচৰণ কৰি ফুৰে। যাৰবাবে অঞ্চলবাসীয়ে ভয় তথা শংকাৰে পাৰ কৰিবলগীয়া হৈছে জীৱন। সেয়েহে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলবাসীৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলে অঞ্চলবাসীয়ে বন বিভাগক আহ্বান জনাইছে।
    Published by:Manjumoni Borah
    First published: