মুখ্যপৃষ্ঠা » খবৰ

» অসম

»জালুকবাৰীৰ শৰাইঘাট দলঙৰ সমীপত মৃত অৱস্থাত উদ্ধাৰ নাহৰফুটুকী পোৱালি

জালুকবাৰীৰ শৰাইঘাট দলঙৰ সমীপত মৃত অৱস্থাত উদ্ধাৰ নাহৰফুটুকী পোৱালি

News18 Assam | News18-Assam
Updated:July 28, 2021, 1:25 PM IST
জালুকবাৰীৰ শৰাইঘাট দলঙৰ সমীপত মৃত অৱস্থাত উদ্ধাৰ নাহৰফুটুকী পোৱালি
প্ৰায় ডেৰ বছৰ বয়সৰ পোৱালিটোৱে খাদ্যৰ সন্ধানত ঘন জংঘলৰ পৰা ওলাই আহি কোনো বাহনৰ খুন্দাত মৃত্যুক সাবটি লোৱাৰ সন্দেহ কৰিছে বন বিভাগৰ দলটোৱে।

প্ৰায় ডেৰ বছৰ বয়সৰ পোৱালিটোৱে খাদ্যৰ সন্ধানত ঘন জংঘলৰ পৰা ওলাই আহি কোনো বাহনৰ খুন্দাত মৃত্যুক সাবটি লোৱাৰ সন্দেহ কৰিছে বন বিভাগৰ দলটোৱে।

  • Share this:
জালুকবাৰীৰ শৰাইঘাট দলঙৰ সমীপৰ যোৱানিশা ৰাজপথত এটা মৃত নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ হয়। জালুকবাৰী যান–বাহন আৰক্ষী চকীৰ টহলদাৰী দলে মৃত অৱস্থাত নাহৰফুটুকীৰ পোৱালিটো প্ৰত্যক্ষ কৰি খনামুখ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে। এই খবৰ পোৱাৰ পিছতেই খনামুখ খণ্ড বন বিষয়া ৰূপম হালৈৰ নেতৃত্বত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

বন বিভাগৰ দলটোৱে মৃত নাহৰফুটুকী পোৱালিটো উদ্ধাৰ কৰি নিশাই খনামুখস্থিত কাৰ্যালয়লৈ লৈ যায়। প্ৰায় ডেৰ বছৰ বয়সৰ পোৱালিটোৱে খাদ্যৰ সন্ধানত ঘন জংঘলৰ পৰা ওলাই আহি কোনো বাহনৰ খুন্দাত মৃত্যুক সাবটি লোৱাৰ সন্দেহ কৰিছে বন বিভাগৰ দলটোৱে। বন বিভাগে আজি নাহৰফুটুকী পোৱালিটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছতেই নাহৰফুটুকী পোৱালিটোৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰিব।
Published by: Sanjay Kumar Das
First published: July 28, 2021, 1:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি