মহানগৰীৰ মালিগাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ। মালিগাঁৱৰ জয়ানগৰত সংঘটিত হৈছে এই ঘটনা। সন্ধিয়া জয়ানগৰৰ এঘৰ মানুহৰ চোতালেৰে পাৰ হৈ গ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী। নাহৰফুটুকীটো পাৰ হোৱাৰ সময়ত ঘৰটোৰ চোতালত বহি আছিল দুজন যুৱক। মোবাইলত ব্যস্ত হৈ থকা দুই যুৱকৰ কাষেৰেই পাৰ হৈ গ’ল নাহৰফুটুকী। কিন্তু নাহৰফুটুকীটো কাষেৰে পাৰ হৈ যোৱাৰ উমানেই নাপালে যুৱক দুজনে।
চিচিটিভি কেমেৰাৰ ভিজুৱেলত পোহৰলৈ আহিছে এই ঘটনা। অৱশ্যে সৌভাগ্যক্ৰমে নাহৰফুটুকীটোৱে আক্ৰমণ নকৰিলে যুৱকদ্বয়ক।
উল্লেখযোগ্য যে, মালিগাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণৰ ঘটনা এইয়াই প্ৰথম নহয়। পূৰ্বেও বিভিন্ন সময়ত মালিগাঁৱৰ বিভিন্ন অঞ্চলত মুকলিকৈ নাহৰফুটুকীয়ে বিচৰণ কৰাৰ ঘটনা সংঘটিত হৈছে।
Published by: Sanjay Kumar Das
First published: November 09, 2021, 09:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|