• Home
  • »
  • News
  • »
  • assam
  • »
  • আঁতৰিল সকলো বাধা-নিষেধ! ভয়াৱহ হৈ উঠিছে কোৰোণাৰ সংক্ৰমণ, বাঢ়িছে মৃত্যুৰ সংখ্যা

আঁতৰিল সকলো বাধা-নিষেধ! ভয়াৱহ হৈ উঠিছে কোৰোণাৰ সংক্ৰমণ, বাঢ়িছে মৃত্যুৰ সংখ্যা

আঁতৰিছে কভিড সৃষ্ট সকলো বাধা-নিষেধ, কিন্তু আঁতৰা নাই ক'ভিডৰ সংহাৰী ৰূপ ৷

আঁতৰিছে কভিড সৃষ্ট সকলো বাধা-নিষেধ, কিন্তু আঁতৰা নাই ক'ভিডৰ সংহাৰী ৰূপ ৷

আঁতৰিছে কভিড সৃষ্ট সকলো বাধা-নিষেধ, কিন্তু আঁতৰা নাই ক'ভিডৰ সংহাৰী ৰূপ ৷

  • Share this:
আঁতৰিছে কভিড সৃষ্ট সকলো বাধা-নিষেধ, কিন্তু আঁতৰা নাই ক'ভিডৰ সংহাৰী ৰূপ ৷ বিগত দহ দিনত গুৱাহাটী  মহানগৰীত কোৰোণাত আক্ৰান্ত হৈছে ৬ হাজাৰৰো অধিক লোক ৷ আনহাতে কোৰোণাত আক্ৰান্তহৈ মৃত্যুক সাৱটি লৈছে ৮২ জন লোকে।

ছেপ্তেম্বৰত কোৰোণাৰ সংক্ৰমণ হ্ৰাস হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু এতিয়াও অব্যাহত আছে কোৰোণাৰ সংহাৰ ৷ ৰাজ্যৰ আন প্ৰান্তৰ কথা নালাগেই, কেৱল গুৱাহাটীতেই বিগত ১০ দিনত কোৰোনাত আক্ৰান্ত হৈছে ৬,২০৩ গৰাকী ৷

  • ২৮ আগষ্টত আক্ৰান্ত ৫৬২ গৰাকী

  • ২৯ আগষ্টত আক্ৰান্ত ৪৫৯ গৰাকী

  • ৩০ আগষ্টত আক্ৰান্ত ৪৫৩ গৰাকী

  • ৩১ আগষ্টত আক্ৰান্ত ৭০০ গৰাকী

  • ১ ছেপ্তেম্বৰত আক্ৰান্ত ৬১৮ গৰাকী

  • ২ ছেপ্তেম্বৰত আক্ৰান্ত ৯২৪ গৰাকী

  • ৩ ছেপ্তেম্বৰত আক্ৰান্ত ৭৩৫ গৰাকী

  • ৪ ছেপ্তেম্বৰত আক্ৰান্ত ৬৭০ গৰাকী

  • ৫ ছেপ্তেম্বৰত আক্ৰান্ত ৭০০ গৰাকী

  • ৬ ছেপ্তেম্বৰত আক্ৰান্ত ৩৮২ গৰাকী


ৰাজ্যত বৰ্তমানলৈকে কোৰোণাত আক্ৰান্ত হৈছে  ১,২৫,৪৫৯ গৰাকী ৷ ইয়াৰ ভিতৰত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ২৮,২৭৩গৰাকী।

ইফালে কোৰোণাত আক্ৰান্ত হৈ যোৱা ১০ দিনত মৃত্যুক সাৱটিলে ৮২ জনকৈ লোকে।

  • ২৮ আগষ্টত মৃত্যু ৮ গৰাকীৰ

  • ২৯ আগষ্টত মৃত্যু ৩ গৰাকীৰ

  • ৩০ আগষ্টত মৃত্যু ৭ গৰাকীৰ

  • ৩১ আগষ্টত মৃত্যু ১০ গৰাকীৰ

  • ১ ছেপ্তেম্বৰত মৃত্যু ৯ গৰাকীৰ

  • ২ ছেপ্তেম্বৰত মৃত্যু ৮ গৰাকীৰ

  • ৩ ছেপ্তেম্বৰত মৃত্যু ৭ গৰাকীৰ

  • ৪ ছেপ্তেম্বৰত মৃত্যু ১৫ গৰাকীৰ

  • ৫ ছেপ্তেম্বৰত মৃত্যু ৭ গৰাকীৰ

  • ৬ ছেপ্তেম্বৰত মৃত্যু ৮ গৰাকীৰ


এনে পৰিস্থিতিৰ মাজতো জীৱন আৰু জীৱিকাৰ বাবে উঠাই দিবলগীয়া হৈছে ল’ক ডাউন ৷ কিন্তু ল’ক ডাউন খোলাৰ লগে লগে একাংশৰ মাজত শূন্য হৈ পৰিছে কোৰোণাৰ সকলোধৰণৰ সাৱধানতা ৷ নিপিন্ধে মাস্ক, নামানে সামাজিক দূৰত্ব৷
Published by:Himangshu Bhuyan
First published: