உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Landslide: হাফলঙৰ ভূমিস্খলনৰ চাঞ্চল্যৰ মাজতে এইবাৰ উত্তৰ গুৱাহাটীৰ তৃপ্তি নগৰত ভুমিস্খলন, পথত বাগৰিল প্ৰকাণ্ড প্ৰকাণ্ড শিল।

    Landslide: হাফলঙৰ ভূমিস্খলনৰ চাঞ্চল্যৰ মাজতে এইবাৰ উত্তৰ গুৱাহাটীৰ তৃপ্তি নগৰত ভুমিস্খলন, পথত বাগৰিল প্ৰকাণ্ড প্ৰকাণ্ড শিল।

    অঞ্চলটি ৰক ফলিং এলেকা হিচাপে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চিনাক্ত কৰি চাইনবৰ্ড লগাইছে যদিও আজিকোপতি গাৰ্ডৱালৰ ব্যবস্থা নকৰিলে।

    অঞ্চলটি ৰক ফলিং এলেকা হিচাপে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চিনাক্ত কৰি চাইনবৰ্ড লগাইছে যদিও আজিকোপতি গাৰ্ডৱালৰ ব্যবস্থা নকৰিলে।

    অঞ্চলটি ৰক ফলিং এলেকা হিচাপে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চিনাক্ত কৰি চাইনবৰ্ড লগাইছে যদিও আজিকোপতি গাৰ্ডৱালৰ ব্যবস্থা নকৰিলে।

    • Share this:
    প্ৰকৃতি ধংসৰ ভয়াৱহ পৰিণতি এইবাৰ  উত্তৰ গুৱাহাটীৰ তৃপ্তি নগৰত । চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপতে পাহাৰ ধংসৰে বন ভুমি বেদখলৰ ভয়ানক পৰিণতি দেখা গ'ল তৃপ্তি নগৰত । আজি কাহিলী পুৱাতে উত্তৰ গুৱাহাটীৰ জয়গুৰু তৃপ্তি নগৰত ভুমিস্খলন (Landslide) হৈ পাহাৰৰ পৰা খহি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড শিল । হঠাৎ হোৱা প্ৰচণ্ড শব্দত কঁপি উঠিল তৃপ্তি নগৰ। শব্দ শুনি আতঙ্কিত লোকসকলে ওলাই আহি পাহাৰৰ শিল বাগৰা প্ৰত্যক্ষ কৰে লগে লগ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত পাহাৰৰ পৰা বাগৰি পৰা শিলে ক্ষতিসাধন কৰিলে পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাক ।

    অৱশ্যে ট্ৰাকখনৰ বাহিৰে কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই । বৃহৎ শিল দুটা পথৰ দাতিত পৰি যাতায়ত ববস্থাতো কিছু অসুবিধাৰ সৃষ্টি কৰে । ঘটনাস্থলীত  ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী  অথবা চিলা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ কোনো লোক উপস্থিত হোৱা দেখা নগ'ল । শিল পৰি ক্ষতি হোৱা  ট্ৰাকখন ক্ৰেনৰ সহায়ত উদ্ধাৰ কৰা হয় ।

    অঞ্চলটি ৰক ফলিং এলেকা হিচাপে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চিনাক্ত কৰি চাইনব'ৰ্ড লগাইছে যদিও আজিকোপতি গাৰ্ডৱালৰ ব্যবস্থা নকৰিলে। ফলত পাহাৰৰ দাতিত কেইবা বছৰৰ পৰা ভুমিস্খলন আৰু শিল বাগৰি ৰাষ্ট্ৰীয় ঘাইপথত আতংক নমাই আহিছে। যাৰ বাবে আজি পাহাৰৰ দাতিত ওলমি থকা শিল বাগৰি পৰে যদিও কথমপি আহ যাহ কৰা গাড়ী বিপদৰ পৰা ৰক্ষা পৰে । দুবছৰ পুৰ্বে ৰাষ্ট্ৰীয় ঘাইপথত শিল বাগৰি পৰি এসপ্তাহলৈ যাতায়ত ব্যাহত হৈছিল ।
    Published by:Manjumoni Borah
    First published: