মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ, বিনা চৰ্তে মুকলি নকৰিলে জংগী আন্দোলনৰ হুংকাৰ

অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ, বিনা চৰ্তে মুকলি নকৰিলে জংগী আন্দোলনৰ হুংকাৰ

News18 Assam | News18-Assam
Updated:November 4, 2020, 8:11 PM IST
অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ, বিনা চৰ্তে মুকলি নকৰিলে জংগী আন্দোলনৰ হুংকাৰ
বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক।

বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক।

  • Share this:
বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক। অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছতে উত্তপ্ত হৈ পৰিছে সমগ্ৰ দেশ।উত্তাল দেশৰ ৰাজনীতি। কোনোৱে যদি অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ তীব্ৰ বিৰোধিতা কৰিছে, আনহাতে একাংশই আকৌ আইনে নিজৰ কাম কৰিব লাগে বুলি উল্লেখ কৰিছে।

এইবাৰ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক তথা অসমৰ সন্তান অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ বিৰোধিতাৰে গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে প্ৰতিবাদ। গুৱাহাটীৰ লাল গণেশত আৰম্ভ হৈছে প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে তীব্ৰ সমালোচনা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰ তথা প্ৰশাসনক। আনকি শীঘ্ৰে অৰ্ণৱ গোস্বামীক বিনা চৰ্তে মুকলি কৰি নিদিলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ লালগণেশবাসীৰ।
Published by: Himangshu Bhuyan
First published: November 4, 2020, 8:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি