শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ত শ্ৰম অনুজ্ঞাপএৰ নামত কাৰ্য্যলায়তে উচ্চ বৰ্গৰ সহায়ক শোণিত দাসে ধন লোৱাৰ বাতৰি News18ত সম্প্ৰচাৰৰ পিছতে বিহিত ব্যৱস্থা লৈছে বিভাগে। একোখন শ্ৰম অনুজ্ঞাপত্ৰ উলিয়াবৰ বাবে চৰকাৰী খৰচ হয় ৩,২০০টকা ৷ কিন্ত অভিযোগমতে শোণিত কুমাৰ দাসে একোখন শ্ৰম অনুজ্ঞাপত্ৰৰ নামত বিভিন্ন লোকৰ পৰা সংগ্ৰহ কৰিছিল ৭ হাজাৰকৈ টকা ৷
শোণিত দাসে বিচৰা ধন কাৰ্য্যালয়ত দিবলৈ আহি এজন ঠিকাদাৰে নিজৰ গোপন মোবাইলত বন্দী কৰি লৈছিল ধন লোৱাৰ সমগ্ৰ দৃশ্যাংশ ৷ শোণিত দাসৰ এই কাণ্ড তথ্য সহকাৰে আমি সবিস্তাৰে প্ৰকাশ কৰাৰ পিছতে তাৎক্ষণিকভাৱে বিভাগৰ ফালৰ নিলম্বন কৰা হয় বিভাগটোৰ উচ্চ বৰ্গৰ বিষয়াগৰাকীক ৷
অভিযোগমতে শোণিত দাসে বিচৰা ধন নাপালে অনুজ্ঞাপত্ৰ লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হয় আবেদনকাৰী ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|